লতা মংগেশকাৰৰ অন্তিম যাত্ৰাৰ সময়তে ভাইৰেল শ্বাহৰুখ খানৰ এখন ফটো

 


কিংবদন্তী গায়িকা লতা মংগেশকাৰ (Lata Mangeshkar Final Journey)ৰ অন্তিম যাত্ৰাৰ সময়ত লাখ লাখ  লোকৰ চকুপানীৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, শ্বাহৰুখ খান (Shahrukh Khan), শ্ৰদ্ধা কাপুৰ, আশা ভোচলে, বিদ্যা বালান, ৰণবীৰ কাপুৰ, আমিৰ খান আৰু শচীন তেণ্ডুলকাৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়েও ভাৰতৰ নাইটিংগেললৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

লতাজীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বহু ছবিৰে ছচিয়েল মিডিয়া ভৰি পৰিছে। কিন্তু সকলোৰে হৃদয় জয় কৰা এখন ছবি হৈছে শ্বাহৰুখ খানৰ। দীৰ্ঘদিনৰ পিছত ৰাজহুৱাভাৱে দেখা পোৱা ছুপাৰষ্টাৰ শ্বাহৰুখ খানে তেওঁৰ মেনেজাৰ পুনম দামানিয়াৰ সৈতে লতাজীক শ্ৰদ্ধঞ্জলি দি থকা সময়ত ফটো তোলা হৈছিল। শ্বাহৰুখ খানে কেৱল লতাদিক পুষ্পাঞ্জলি প্ৰদান কৰাই নহয় তেওঁৰ চৰণ স্পৰ্শ কৰাৰ পিছত লতাজীৰ বাবে দোৱা কৰিছিল। এই ফটোখন এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Post a Comment

0 Comments