সোণ–ঘৰ–গাড়ী! কিমান টকাৰ সম্পত্তি এৰি গ’ল বাপ্পি লাহিৰিয়ে? শুনিলে আচৰিত হ’ব!

 


সংগীত জগতত যিদৰে তেওঁ সুৰৰ ৰজা আছিল, তেনেকুৱাই আছিল ৰাজকীয় বেশ। জীৱনশৈলী ৰজাতকৈ কম নাছিল ‘‘ডিস্কো কিং’ৰ। চিৰবিদায় ল’লে ‘ডিস্কো কিং’ বাপ্পি লাহিৰিয়ে। বুধবাৰে পুৱা মুম্বাইৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত সংগীত শিল্পীগৰাকীয়ে। ভাৰতীয় সংগীতৰ ইতিহাসত তেওঁৰ অৱদান কেতিয়াও পাহৰিব পৰা নাযাব। নিজৰ গানেৰে শিশুৰ পৰা বৃদ্ধলৈ আপ্লুত কৰিছে এইগৰাকী শিল্পীয়ে। সেইবাবেই তেওঁক ‘ডিস্কো কিং’ নাম দিয়া হৈছিল। গানৰ লগতে মাজে সময়ে চৰ্চালৈ আহিছিল বাপ্পি লাহিৰিৰ ফেশ্বন। পুৰুষৰ গহণাক লৈ এক পৃথক ট্ৰেণ্ড সৃষ্টি কৰিছিল তেওঁ। 

সংগীত জগতত যিদৰে তেওঁ সুৰৰ ৰজা আছিল, তেনেকুৱাই আছিল ৰাজকীয় বেশ। জীৱনশৈলী ৰজাতকৈ কম নাছিল ‘‘ডিস্কো কিং’ৰ। তেওঁৰ বিপুল পৰিমাণৰ সম্পত্তি আৰু সোণ আছিল।  ২০১৪ চনত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ সময়ত নিৰ্বাচনী শপতনামাত তেওঁ জনাইছিল যে তেওঁৰ ওচৰত ৭৫৪ গ্ৰাম সোণ আৰু ৪.৬২ কিলোগ্ৰাম ৰূপৰ গহণা আছে। তেতিয়াৰ বজাৰ মূল্য অনুসৰি, তেওঁৰ সোণৰ গহণা আছিল প্ৰায় ৪০ লাখ টকা আৰু ৰূপৰ গহণা আছিল ২ লাখ ২০ হাজাৰ টকাৰ। তাৰ পিছত ৮ বছৰত এই গহণাৰ পৰিমাণ বহু বাঢ়িছে তাক লৈ সন্দেহ নাই। সোণ কিনাৰ লগতে গাড়ী কিনাৰো চখ আছিল বাপ্পিদাৰ। নিৰ্বাচনী শপতনামাত প্ৰকাশ কৰা অনুসৰি, ৫খন গাড়ী কিনিছিল তেওঁ। তেওঁৰ ওচৰত আছিল এখন ৪২ লাখ টকাৰ বিএমডব্লিউ গাড়ী, ৩২ লাখ টকাৰ অডি গাড়ী, ২০ লাখ টকাৰ ফিয়েট গাড়ী, ১৬ লাখ টকাৰ ছনেট গাড়ী আৰু ৮ লাখ টকাৰ স্কৰপিঅ’ গাড়ী। ইয়াৰ উপৰি জনা গৈছে, তেওঁৰ নামত স্বয়ংচালিত এখন টেছলা এক্স গাড়ীও আছিল।বাপ্পি লাহিৰিৰ ভাৰতত কেইবাটাও ঘৰ আছে। তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য মুম্বাইৰ ঘৰটো। ২০০১ চনত চাৰে ৩ কোটি টকাত এই ঘৰটো কিনিছিল। আন ঘৰ সম্পৰ্কে তেনে কোনো তথ্য নাই।বাপ্পিদাই প্ৰতিটো গানৰ বাবে ১০ লাখ টকা লৈছিল আৰু ১ ঘণ্টা লাইভ পাৰফৰ্মেন্সৰ বাবে ২০–২৫ লাখ টকা লৈছিল। এক সৰ্বভাৰতীয় সংবাদ পত্ৰৰ সমীক্ষা অনুসৰি, এই কংবদন্তি গায়কগৰাকীৰ মাহিলি উপাৰ্জন আছিল ২০ লাখ আৰু বাৰ্ষিক আয় প্ৰায় ২০ কোটি টকাৰ বেছি আছিল। 

Post a Comment

0 Comments