কাজিৰঙাত গঁড় হত্যাত জড়িত প্ৰাক্তন সৈনিক, সৰুপথাৰত গ্ৰেপ্তাৰ চিকাৰী উত্তম খাকলাৰীক

 


কাজিৰঙাৰ গঁড় হত্যাৰ (Kaziranga Rhino Poaching) লগত জড়িত এটা চিকাৰীক গ্ৰেপ্তাৰ কৰিছে ধনশিৰি মহকুমা আৰক্ষীয়ে ৷ কিছুদিন পূৰ্বে অসম নাগালেণ্ড সীমান্তৰ উৰীয়ামঘাটৰ জাহাজি গাঁৱত ধনশিৰি মহকুমা আৰক্ষী আৰু CRPF অভিযানত নিহত হৈছিল আব্দুল চৈয়দ নামৰ এজন গঁড় চিকাৰী ৷ নিহত গঁড় হত্যাকাৰী জনৰ আন এজন সহযোগী উত্তম খাকলাৰীক আজি ধনশিৰি মহকুমাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

গোপন সূত্ৰৰ খবৰ অনুসৰি কৰায়ত্ত কৰা উত্তম খাকলাৰী কাজিৰঙাৰ শেহতীয়া গঁড় হত্যাত চিকাৰী দলটোৰ Main shooter আছিল ৷ ধৃত উত্তম খাকলাৰীৰ ঘৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়াঘাটৰ ৰেংমাইপুৰত ৷ সম্প্ৰতি অধিক সোধা-পোছাৰ বাবে গোলাঘাট সদৰলৈ প্ৰেৰণ কৰিছে। 

উল্লেখ্য যে ধৃত উত্তম খাকলাৰী সেনাবাহিনীৰ নাগা ৰেজিমেণ্টত কৰ্মৰত আছিল। কিন্তু নিয়ম শৃংখলা নমনা বাবে ২০১৫ চনত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। ১০ বছৰ উত্তম খাকলাৰী নাগা ৰেজিমেণ্টত কৰ্মৰত আছিল। ইয়াৰ পিছতেই উত্তম খাকলাৰীয়ে গঁড় হত্যাত নামি পৰে। যিহেতু উত্তম খাকলাৰী সেনাবাহিনীত কৰ্মৰত আহিল, সেয়েহে গঁড় চিকাৰৰ বাবে চিকাৰীৰ দলে তেওঁক মেইন Shooter হিচাপে ব্যৱহাৰ কৰিছিল।

আজি ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে গঁড় হত্যাকাৰী উত্তমক ধৰিবলৈ সক্ষম হোৱাটো আৰক্ষীৰ বাবে বৃহৎ সফলতা। ইতিমধ্যে উত্তম খাকলাৰী অধিক সোধা-পোছাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছে। উত্তম খাকলাৰীক গ্ৰেপ্তাৰে কাজিৰঙাৰ গঁড় চিকাৰ লগত জড়িত আন বহু চিকাৰীক ধৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে।

Post a Comment

0 Comments