বিজয় দেৱেৰাকোণ্ডাৰ সৈতে ডেটিং কৰি আছে নেকি ৰশ্মিকা মান্দান্নাই, দিলে এই চিধা-চিধি উত্তৰ

 


পুষ্পা: দ্য ৰাইজ (Pushpa:The Rise)ৰ বৃহৎ সফলতাৰ পিছত অভিনেত্ৰী ৰশ্মিকা মান্দান্না (Rashmika Mandanna) দেশজুৰি  বিখ্যাত হৈ পৰিছে। শেহতীয়াকৈ টলীউড তাৰকা বিজয় দেৱেৰাকোণ্ডা (Vijay Deverakonda)ৰ সৈতে ৰশ্মিকাই ডেটিং কৰি থকা বুলি ওলোৱা উৰাবাতৰিক লৈ মুকলিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উৰাবাতৰি ওলাইছে যে এই দুজন তাৰকাই ইজনে সিজনক ডেটিং (Rashmika Mandanna-Vijay Deverakonda Dating) কৰি আছে। আনহাতে ৰশ্মিকা আৰু বিজয়ে সদায় এই উৰাবাতৰিবোৰ অস্বীকাৰ কৰি আহিছে।

খবৰ মতে মুম্বাই আৰু হায়দৰাবাদত ৰশ্মিকা আৰু বিজয় দেৱেৰাকোণ্ডা একেটা জিমলৈকে যায়। দুয়োজনে গোৱাত একেলগে নৱবৰ্ষ উদযাপন কৰিছিল হেনো! ডিচেম্বৰ 2021ত মুম্বাইত ডিনাৰ ডেটৰ পিছত দুয়োকে একেলগে দেখা গৈছিল। Bollywood lifeৰ বাতৰি অনুসৰি শেহতীয়া এক সাক্ষাৎকাৰৰ সময়ত, যেতিয়া ৰশ্মিকা মান্দন্নাক আকৌ এবাৰ সোধা হৈছিল যে তেওঁ বিজয়ৰ সৈতে ডেটিং কৰি আছে নেকি, তেওঁ কৈছিল যে তেওঁ এই বাতৰিটোৰ বিষয়ে উত্তৰ দি দি ভাগৰি পৰিছে। তাই কয় যে এই সকলোবোৰ এজন অভিনেতাৰ জীৱনৰ অংশ। গতিকে এতিয়া ৰশ্মিকাই এইবোৰ লিংকআপ উৰাবাতৰিৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে।

Post a Comment

0 Comments