ধাবাত উদ্ধাৰ বনৰৌ, আৰক্ষীৰ জালত দুজন সৰবৰাহকাৰী


বৰপেটাৰোডৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেঁকী নৈৰ সমীপৰ এখন ধাবাৰ সন্মুখৰ পৰা শনিবাৰে এটা বনৰৌসহ (Pangolin Rescued) দুজন যুৱকক আটক কৰা হয় ৷ আটকাধীন যুৱকদ্বয়ৰ নাম সঞ্জয় বসুমতাৰী আৰু মফিজুদ্দিন বুলি জানিব পৰা গৈছে ৷ ধৃত সঞ্জয় বসুমতাৰীৰ ঘৰ বাক্সাৰ শালবাৰীত আৰু মফিজুদ্দিনৰ ঘৰ বৰপেটাৰ কলগাছিয়াৰ ঘুঘুবাৰীত।

এক গোপন সুত্ৰৰ ভিত্তিত বৰপেটা (Barpeta)ৰ বন বিভাগ আৰু ডব্লিউচিচিবিৰ দল এটাই যৌথভাৱে অভিযান চলাই বৰপেটাৰোডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেঁকী নৈৰ সমীপৰ এখন ধাবাৰ সন্মুখৰ পৰ বনৰৌ সহ যুৱকদ্বয়ক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ বনৰৌটোৰ ওজন ৭ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে ৷যুৱকদুজনে বনৰৌটো মানাহ ৰাষ্ট্ৰীয় উদ্যান (Manas National Park)ৰ পৰা অনা বুলি সন্দেহ কৰা হৈছে ৷ বনৰৌটো বিক্ৰীৰ বাবে লৈ যোৱাৰ সময়ত বন বিভাগ আৰু ডব্লিউ চিচ বিৰ দল এটাই যৌথভাৱে অভিযান চলাই দুয়োকে কৰায়ত্ত কৰে ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বনৰৌ চিকাৰ কৰাৰ লগত আৰু দুই/তিনিজন লোক জড়িত থকাৰ সম্ভেদ লাভ কৰিছে বুলি জানিবলৈ দিছে ডব্লিউচিচিবিৰ বিষয়া ইন্দ্ৰ দেউল চৌধুৰীয়ে ৷ ধৃত যুৱকদুজনক সোধা-পোছা অব্যাহত ৰাখিছে  আৰক্ষীয়ে৷

Post a Comment

0 Comments