‘পুষ্পা’ৰ শ্ৰীৱল্লীত ৰাণু মণ্ডলৰ ডান্স, মানুহে ক’লে – এই ভিডিঅ’ আল্লু অৰ্জুনলৈ লৈ যাব লাগে

 


আল্লু অৰ্জুন (Allu Arjun) আৰু ৰশ্মিকা মান্দানা (Rashmika Mandanna)ৰ ছবি পুষ্পা : দ্য ৰাইজ (Pushpa The Rise)ৰ জ্বৰ মানুহৰ মনৰ পৰা এতিয়াও যোৱাই নাই। ছচিয়েল মিডিয়াত ‘পুষ্পা’ৰ গানৰ পৰা সংলাপলৈ খুব ভাইৰেল হৈ পৰিছে। এনে সময়তে পুষ্পাৰ গান শ্ৰীৱল্লীত ৰাণু মণ্ডলৰ ডান্সৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। ছচিয়েল মিডিয়াত ৰাণু মণ্ডলৰ এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে দেখি হাঁহিৰ খোৰাক পাইছে।

ৰাণু মণ্ডলৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। এই ভিডিঅ’ত ৰাণুৱে পুষ্পা ছবিৰ গান শ্ৰীৱল্লীত ডান্স কৰা দেখা গৈছে। ৰাণুৰ এই আমোদজনক ভিডিঅ’ত অনুৰাগীসকলে খুব কমেণ্ট কৰিছে। ৰাণুৰ ডান্স ষ্টেপ দেখি হাঁহি ৰখাব পৰা নাই অনুৰাগীয়ে। বহু ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কয় যে এই ভিডিঅ’টো আল্লু অৰ্জুনলৈ লৈ যাব লাগে।

Post a Comment

0 Comments