'দেশৰ মানচিত্ৰৰ পৰা উত্তৰ পূৰ্বক বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ ৰচিছে ৰাহুল গান্ধীয়ে'- আঙুৰলতা ডেকাৰ উপস্থিতিত দিছপুৰ থানাত এজাহাৰ দাখিল বিজেপিৰ মহিলা মৰ্চাৰ

 


কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা টুইটকলৈ এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চা। সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজ্যজুৰি বিজেপিৰ মহিলা মৰ্চাই থানাই থানাই দাখিল কৰিলে এজাহাৰ। শুকুৰবাৰে দিছপুৰ থানাত মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ উপস্থিতিত ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। মহিলা মৰ্চাৰ অভিযোগ- দেশৰ মানচিত্ৰৰ পৰা উত্তৰ পূৰ্বক বিচ্ছিন্ন কৰাৰ যড়যন্ত্ৰ ৰচিছে ৰাহুল গান্ধীয়ে

উল্লেখ্য যে,  ৰাজ্যৰ ৪০ খন মহিলা মৰ্চাৰ কাৰ্যকৰী কমিটীয়ে দাখিল কৰিব এজাহাৰ।বৰ্তমানলৈকে ২২ খন এজাহাৰ দাখিল কৰা হৈছে। মহিলা মৰ্চাৰ লগতে যুৱ মৰ্চাৰ মহানগৰ শাখাইয়ো দাখিল কৰিলে এজাহাৰ।

ৰাহুল গান্ধীয়ে যোৱা ১০ ফেব্ৰুৱাৰীত 'ভাৰতবৰ্ষৰ শক্তি' বুলি সম্বোধন কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছিল। পোষ্টটোত কাশ্মীৰৰ পৰা কেৰালা আৰু গুজৰাটৰ পৰা পশ্চিমবংগ বুলি লিখিছিল। নাছিল উত্তৰ পূৰ্বাঞ্চলৰ সন্দৰ্ভত কোনো উল্লেখ। আৰু সেই কথাতে এতিয়া ৰাহুল গান্ধীয়ে দেশ মানচিত্ৰৰ পৰা উত্তৰ পূৱক বিচ্ছিন্ন কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপিত কৰি আৰক্ষীৰ কাষ চাপিছে বিজেপিৰ মহিলা মৰ্চা।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ পিতৃ পৰিচয় কি বুলি ৰাজহুৱা সভাত কৰা মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছ দলে অব্যাহত ৰাখিছে প্ৰতিবাদ। সোমবাৰে এঘণ্টীয়া মৌন ব্ৰত পালন কৰে ভূপেন বৰাৰ লগতে দলটোৰ শীৰ্ষ নেতৃত্বই। আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষী চকীত গোচৰ তৰিব বুলিও জনাই প্ৰদেশ কংগ্ৰেছে।

Post a Comment

0 Comments