''কংগ্ৰেছে পৰৱৰ্তী ১০০ বছৰলৈ ক্ষমতালৈ নহাৰ সিদ্ধান্ত লৈছে...'' সংসদত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰীৰ

 


কোৰোনাৰ প্ৰথম ঢৌৰ সময়ত লকডাউনৰ (lockdowns) বাবে প্ৰব্ৰজনকাৰী শ্ৰমিকসকল দেশৰ মুখ্য চহৰবোৰত আবদ্ধ হৈ আছিল। ইয়াৰ মাজতে কংগ্ৰেছে মুম্বাই চহৰত আবদ্ধ হৈ থকা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ ৰে'লৰ টিকট প্ৰদান কৰিছিল, আনহাতে দিল্লী চৰকাৰে শ্ৰমিকসকলক ঘৰলৈ উভতি যাবলৈ বাছৰ ব্যৱস্থা কৰিছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে সংসদত এই দুয়োটা ঘটনাকে সমালোচনা কৰে। তেওঁ কয় যে এই দুটা সিদ্ধান্তৰ ফলস্বৰূপে ভুগিব লগা হৈছিল (pushed migrant workers into chaos and misery)।

সংবাদ সংস্থা এএনআইৰ খবৰ অনুসৰি মোদীয়ে (PM Narendra Modi) সোমবাৰে সংসদত কয়, "কোৰোনাৰ প্ৰথম ঢৌৰ সময়ত আপোনালোকে (কংগ্ৰেছে) প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক মুম্বাই এৰি যাবলৈ টিকট দিছিল। আকৌ, দিল্লী চৰকাৰে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক চহৰ এৰি যাবলৈ কৈছিল আৰু বাছৰ ব্যৱস্থা কৰিছিল। ফলস্বৰূপে, পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ দৰে ৰাজ্যত কোভিড দ্ৰুতগতিত বিয়পি পৰে।'' মোদীয়ে এইদৰে উল্লেখ কৰি একপ্ৰকাৰ কোভিড সংক্ৰমণ বৃদ্ধিৰ বাবে কংগ্ৰেছ আৰু দিল্লীৰ আপ চৰকাৰক দোষাৰোপ কৰে ( Narendra Modi  attack on Congress)।

Post a Comment

0 Comments