এইবছৰ আপোনাৰ PFৰ জমাধনত অধিক সূত লাভ কৰিব নেকি, গুৱাহাটীত হ'ব জৰুৰী বৈঠক, জানক সবিশেষ

 


EPFO (Employees Provident Fund Organisation০ই ২০২১-২২ চনৰ বাবে কৰ্মচাৰীৰ জমাধনত অধিক হাৰত সূত (PF Interest)প্ৰদান কৰিব নেকি? অহা মাৰ্চ মাহত গুৱাহাটীত হ'ব লগা EPFOৰ CBT (central board of trustees)ৰ মিটিঙত এই বিষয়ে জৰুৰী সিদ্ধান্ত ল'ব পাৰে। মাৰ্চৰ ভিতৰতে সূতৰ হাৰৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব, কাৰণ মাৰ্চত ২০২১-২২ বিত্তীয় বৰ্ষৰ সমাপ্তি ঘটিব।

CBTৰ এই বৈঠক মাৰ্চৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ'ব। ৫ ৰাজ্য আৰু অসমৰ মাজুলী উপনিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এই বৈঠকৰ আয়োজন কৰিব। সূতৰ হাৰৰ লগতে নতুন বিনিয়োগ ক্ষেত্ৰক লৈও গুৱাহাটীৰ বৈঠকত হ'ব বিশেষ আলোচনা।

EPFO বোৰ্ডে যোৱা বছৰ মাৰ্চত বিত্তীয় বৰ্ষ 2020-21 ৰ বাবে 8.5 শতাংশ সূতৰ হাৰৰ পৰামৰ্শ চূড়ান্ত কৰিছিল। এই হাৰ, যোৱা আঠ বছৰত EPFOৰ সৰ্বনিম্ন হাৰ আছিল।

Post a Comment

0 Comments