৭ বছৰৰ অভিলেখ স্তৰত চলি থকা খাৰুৱা তেলৰ মূল্যৰ মাজত পেট্ৰ'ল আৰু ডিজেলৰ আজিৰ দাম কি জানক ?

 


দীপাৱলীৰ সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইন্ধনৰ ওপৰত আবকাৰী শুল্ক ৰেহাই দিয়া হৈছিল। ইয়াৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত প্ৰায় ১০ৰ পৰা ১৭ টকা পৰ্যন্ত দাম কমিছিল তেলৰ। দীপাৱলীৰ পিছত এদিনো দাম বঢ়া নাই পেট্ৰ’ল–ডিজেলৰ।

আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য অভিলেখ স্তৰত চলি আছে। ব্ৰেণ্ট ক্ৰুড প্ৰতি বেৰেলত ৯৩ ডলাৰ ব্যয়বহুল হৈ পৰিছে। কিন্তু ব্যয়বহুল খাৰুৱা তেলৰ মাজত, পেট্ৰ'ল আৰু ডিজেলৰ মূল্য যোৱা তিনি মাহ ধৰি স্থিৰ হৈ আছে। আইঅ'চিএলে মঙলবাৰৰ বাবে পেট্ৰ'ল আৰু ডিজেলৰ নতুন হাৰ মুকলি কৰিছে। এইটো এটা সকাহৰ বিষয় যে আজিও মূল্যবৃদ্ধি হোৱা নাই।

মঙলবাৰে পেট্ৰ’ল আৰু ডিজেলৰ দাম অপৰিৱৰ্তিত ৰাখিলে আইঅ’চিয়ে। বিগত ৩ মাহত পেট্ৰ’ল আৰু ডিজেলৰ দামৰ কোনো সালসলনি হোৱা নাই। আন্তৰ্জাতিক বজাৰত বৰ্তমান ক্ৰুড অইলৰ দাম বিগত ৭ বছৰৰ ভিতৰত উচ্চতম স্তৰত উপনীত হৈছে। ব্ৰেণ্ট ক্ৰুডৰ দাম ৯০ ডলাৰ প্ৰতি বেৰেলত হৈছে। অক্টোবৰ ২০১৪ৰ পিছত এয়া সৰ্বোচ্চ। অপৰিশোধিত তেলৰ দাম বৃদ্ধিৰ পিছতো দেশৰ বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ দাম স্থিৰ হৈ আছে। ধাৰণা কৰা হৈছে যে সন্মুখত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন থকা বাবে তেলৰ দাম বৃদ্ধি কৰা হোৱা নাই।

দীপাৱলীৰ সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইন্ধনৰ ওপৰত আবকাৰী শুল্ক ৰেহাই দিয়া হৈছিল। ইয়াৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত প্ৰায় ১০ৰ পৰা ১৭ টকা পৰ্যন্ত দাম কমিছিল তেলৰ। দীপাৱলীৰ পিছত এদিনো দাম বঢ়া নাই পেট্ৰ’ল–ডিজেলৰ।

Post a Comment

0 Comments