বহুতো চহৰত ১০০ৰ ওপৰত পেট্ৰ'ল-ডিজেলৰ মূল্য, আপোনাৰ চহৰৰ দাম জানক

 


মুম্বাইত পেট্ৰ'লৰ সৰ্বাধিক মূল্য ১১০ টকাৰ ওচৰত, আনহাতে ই হায়দৰাবাদত প্ৰতি লিটাৰত ১০৮.২০ টকাত বিক্ৰী হৈ আছে। দৰাচলতে, ২০২১ চনৰ ৪ নৱেম্বৰত দেশৰ বহু ঠাইত পেট্ৰ'লৰ মূল্য ১০০ টকাৰ ওপৰলৈ যোৱাৰ পিছত মোডী চৰকাৰে পেট্ৰ'লৰ ওপৰত আবকাৰী শুল্ক ৫ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰিছিল।

ৰাজ্যিক মালিকানাধীন তেল কোম্পানীবোৰে বৃহস্পতিবাৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সলনি কৰা নাই। আজি মুকলি কৰা তেলৰ হাৰ তিনি মাহৰো অধিক সময় ধৰি স্থিৰ হৈ আছে। মূল্য বৃদ্ধি নোহোৱা স্বত্বেও, দেশৰ বহুতো চহৰত পেট্ৰ'লৰ হাৰ এতিয়াও ১০০ টকাতকৈ অধিক।

মুম্বাইত পেট্ৰ'লৰ সৰ্বাধিক মূল্য ১১০ টকাৰ ওচৰত, আনহাতে ই হায়দৰাবাদত প্ৰতি লিটাৰত ১০৮.২০ টকাত বিক্ৰী হৈ আছে। দৰাচলতে, ২০২১ চনৰ ৪ নৱেম্বৰত দেশৰ বহু ঠাইত পেট্ৰ'লৰ মূল্য ১০০ টকাৰ ওপৰলৈ যোৱাৰ পিছত মোডী চৰকাৰে পেট্ৰ'লৰ ওপৰত আবকাৰী শুল্ক ৫ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰিছিল।

দীপাৱলীৰ সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইন্ধনৰ ওপৰত আবকাৰী শুল্ক ৰেহাই দিয়া হৈছিল। ইয়াৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত প্ৰায় ১০ৰ পৰা ১৭ টকা পৰ্যন্ত দাম কমিছিল তেলৰ। দীপাৱলীৰ পিছত এদিনো দাম বঢ়া নাই পেট্ৰ’ল–ডিজেলৰ।

কিন্তু এই সময়ছোৱাত আন্তৰ্জাতিক বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ দামৰ উত্থান–পতন অব্যাহত আছে। ক্ৰুড অইলৰ দাম ৬৯ৰ পৰা ৮৫ ডলাৰ প্ৰতি বেৰেল দামৰ ভিতৰত চলিছে। পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতিদিনে চৰকাৰী তেল কোম্পানীসমূহে নিৰ্ধাৰণ কৰে। আজি জাৰি কৰা দাম অনুসৰি, দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৫.৪১ টকা আৰু ডিজেলৰ দাম প্ৰতিলিটাৰত ৮৬.৬৭ টকা।

Post a Comment

0 Comments