এন এফ ৰে'লৱেৰ বিষয়াৰে বৈঠক মুখ্যমন্ত্ৰীৰ, ৰে'লৱেৰ ভূমি বেদখলমুক্তকৰণৰ লগতে আন কেইবাটাও সিদ্ধান্ত

 


দেওবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এন এফ ৰে'লৱেৰ বিষয়াসকলৰ সৈতে এক বৈঠকত  মিলিত হয় ৷ এই বৈঠকত ৰে'লৱে সম্পৰ্কীয় বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে৷ এই বৈঠকত অসম ৰাজ্যিক পৰিবহণ নিগমক পল্টনবজাৰস্থিত গুৱাহাটী ৰে'লৱে ষ্টেচনৰ প্ৰস্তাৱিত দ্বিতীয় প্ৰৱেশ দ্বাৰৰ ক্ষেত্ৰত ভূমি সমস্যা সমাধানৰ বাবে এন এফ ৰে'লৱেৰ (NF Railway) সৈতে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই নিৰ্দেশনা প্ৰদান কৰে ৷

দেওবাৰে অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰে'লৱেৰ ভূমিৰ বেদখলমুক্তকৰণৰ ক্ষেত্ৰত সংশ্লিষ্ট জিলা প্ৰশাসনে প্ৰয়োজন অনুসৰি পদক্ষেপ গ্ৰহণ কৰিব ৷ অসম চৰকাৰে ৰাজ্যৰ ৰে'লৱে ষ্টেচনৰ উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে ৰে'লৱেক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব।

কামৰূপ মেট্ৰ'ৰ উপায়ুক্তক কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ প্ৰস্তাৱিত ৰোপৱে' প্ৰকল্পৰ বাবে তাৎক্ষণিকভাৱে প্ৰয়োজনীয় এন অ' চি প্ৰদান কৰিবলৈও মুখ্যমন্ত্ৰী ড° শৰ্মাই (CM Himanta Biswa Sarma) নিৰ্দেশনা প্ৰদান কৰিছে ৷

ৰাজ্য চৰকাৰে ৰে'লৱে উৰণীয়া সেতু নিৰ্মাণৰ বাবে প্ৰায় ৮০টা স্থান চিনাক্ত কৰিছে যদিও কিছুমান বাধাৰ বাবে মাত্ৰ কেইটামান স্থানৰ কামহে আৰম্ভ হৈছে । লোক নিৰ্মাণ বিভাগক ৰে’লৱে আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে মিলি বিষয়টো ত্বৰান্বিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে ৷

Post a Comment

0 Comments