শুই উঠিয়েই পুৱা ভুলতো নাচাব এইসমূহ বস্তু, গোটেই দিনটো হয় অশুভ

 


দিনটোৰ আৰম্ভণি পুৱাৰ পৰাই হয়। পুৱাটো ভাল হ'লে দিনটোৱেই ভাল হয় বুলি সকলোৱে বিশ্বাস কৰে। দিনটোৰ আৰম্ভণিতে পুৱা সেয়ে বহু লোকে সুন্দৰ বস্তু চাবলৈ ইচ্ছা কৰে, বা পুৱাই এটা ভাল কামেৰে দিনটোৰ আম্ভণি কৰিব বিচাৰে। সেয়ে জানি লও আহক পুৱাই উঠিয়েই কোনবোৰ বস্তু  প্ৰথমে ভুলতো চাব নালাগে।

আমাৰ অভিভাৱকসকলে প্ৰায়েই পুৱাই উঠি এইটো কৰিব নালাগে, সেইটো কৰিব নালাগে বা এইটো কৰা সেইটো কৰা আদি নানা নীতি বচন কৈ আহিছিল। পায়-নাপায় আদি বুজনিৰ আঁৰত শুভ-অশুভ কাৰকৰ কথাও কয়। এনেবোৰ কথা হয়তো আজিৰ দিনত কোনোৱেই বিশ্বাস নকৰে।

কিন্তু বাস্তু শাস্ত্ৰ অনুসৰি পুৱা প্ৰথম চকু মেলিয়েই কিছুমান বস্তু চাব নালাগে।

মানুহৰ ছাঁ- নিজৰেই হওঁক বা আনৰ, পুৱাই উঠি কোনো মানুহৰ ছাঁ চাব নালাগে। পুৱাই উঠিয়েই মানুহৰ ছাঁ দেখা পোৱাটোক ৰাহুৰ আগমন বুলি বিশ্বাস কৰা হয়। সেয়ে পুৱা শুই উঠি পোনতে পশ্চিম দিশৰ ফালে নোচোৱাটো মংগল।

আইনা- পুৱাই উঠি কেতিয়াও আইনা চাব নালাগে, বাস্তু শাস্ত্ৰ মতে। বাস্তু শাস্ত্ৰই কয় যে নিশাৰ সকলো নেতিবাচক ক্ৰিয়া-প্ৰতিক্ৰিয়া মুখমণ্ডলত প্ৰকাশ পায় আৰু পুৱাই তাকে চালে সেইবোৰে দিনটো নষ্ট কৰে।

Post a Comment

0 Comments