অৱশেষত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি, কোন হ'ব নগাঁৱৰ পৰৱৰ্তী আৰক্ষী অধীক্ষক?


 বদলি কৰা হ'ল নগাঁৱৰ আৰক্ষী অধীক্ষক তথা আইপিএছ বিষয়া আনন্দ মিশ্ৰক (Nagaon SP Anand Mishra )। বিগত প্ৰায় ৬মাহত নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ লগতে বহু ম'ষ্ট ৱাণ্টেড অপৰাধীক গ্ৰেপ্তাৰ কৰি চৰ্চিত হৈ পৰা আইপিএছ বিষয়াগৰাকী যোৱা ২২ জানুৱাৰীত হোৱা এটা এনকাউণ্টাৰৰ ঘটনাক লৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল। আৰক্ষী অধীক্ষকগৰাকীয়ে নগাঁৱত অপৰাধ নিয়ন্ত্ৰণৰ বাবে গঠন কৰি দিয়া এণ্টি নাৰ্ক'টিক স্কোৱাডৰ বিষয়া প্ৰদীপ বণিয়াৰ গুলীত গুলীবিদ্ধ হৈছিল কীৰ্তিকমল বৰা নামৰ ছাত্ৰনেতা গৰাকী।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক তদন্তৰ দায়িত্ব দি এখন কমিটি গঠন কৰি দিছিল। মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া কমিটিয়ে দাখিল কৰা প্ৰতিবেদনত নগাঁও আৰক্ষীৰ এণ্টি নাৰ্ক'টিক স্কোৱাডক দোষী স্যবস্ত কৰা হৈছিল। প্ৰদীপ বণিয়াক নিলম্বন কৰাৰ লগতে এণ্টি নাৰ্ক'টিক স্কোৱাড ভংগ কৰি প্ৰতিজন সদস্যকে বদলিৰ নিৰ্দেশ দিয়া হৈছিল।

Post a Comment

0 Comments