নগাঁৱৰ কচলুখোৱাত পুনৰ উদ্ধাৰ হ'ল ড্ৰাগছ, গ্ৰেপ্তাৰ দুই ড্ৰাগছ মাফিয়া

 


ৰাগছৰ ঘাটিত পৰিণত হৈছে নগাঁৱৰ কচলুখোৱা। যোৱা ২২ জানুৱাৰীত নগাঁও আৰক্ষীৰ এণ্টি নাৰ্ক'টিক স্কোৱাডে (anti-narcotic squad of Nagaon police) অভিযান চলাই হেৰ'ইনসহ গ্ৰেপ্তাৰ কৰিছিল দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া জাকিৰ হুছেইনক। পিছে জাকিৰ হুছেইনৰ গ্ৰেপ্তাৰৰ সময়তে আৰক্ষীৰ ভুল এনকাউণ্টাৰৰ ভুক্তভোগী হৈছিল ছাত্ৰনেতা কীৰ্তিকমল বৰা। ইয়াৰ পিছতে নগাঁৱৰ কচলুখোৱাত বন্ধ হৈ পৰিছিল ড্ৰাগছবিৰোধী অভিযান।

কিন্তু আজি পুনৰ নগাঁও আৰক্ষীয়ে (Nagaon police) কচলুখোৱাত অভিযান চলাই হেৰ'ইনসহ দুটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকেইটাৰ নাম আব্দুল মান্নান আৰু আনোৱাৰ হুছেইন (arrested two drug supplier)। ইয়াৰে আব্দুল মান্নানৰ ঘৰ হোজাই জিলাৰ দেৱস্থানত হোৱাৰ বিপৰীতে আনোৱাৰ হুছেইনৰ ঘৰ কচলুখোৱাতে।

ড্ৰাগছ সৰবৰাহকেইটাৰ পৰা এটা চাবোনৰ বাকচত প্ৰায় ৫ লক্ষাধিক টকাৰ হেৰ'ইন জব্দ কৰিছে নগাঁও আৰক্ষীয়ে। নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত চলা অভিযানত জব্দ হয় ড্ৰাগছখিনি। জানিব পৰা মতে, হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত চলা অভিযানত আটক হৈছিল জ্যোস্নাৰা বেগম নামৰ এগৰাকী মহিলা।

সেই মহিলাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিতেই নগাঁও আৰক্ষীয়ে কচলুখোৱাত অভিযান চলাই জব্দ কৰে ড্ৰাগছখিনি। আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা আনোৱাৰ হুছেইনৰ সৈতে সম্পৰ্ক আছিল ড্ৰাগছ মাফিয়া জাকিৰ হুছেইনৰ। উল্লেখযোগ্য যে কচলুখোৱাত অনৈতিক কাৰ্যকলাপ আৰু ড্ৰাগছৰ ব্যৱসায় চলি থকাৰ কথা বাৰে বাৰে দাবী কৰিছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। তদন্ত কমিটিৰ প্ৰতিবেদনৰ পিছতো আৰক্ষী অধীক্ষকগৰাকীয়ে এনে অপৰাধীৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱাৰ কথা ঘোষণা কৰিছিল আনন্দ মিশ্ৰই। পিছে অসম চৰকাৰে শাস্তিমূলকভাৱে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰিছিল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক।

Post a Comment

0 Comments