দুবছৰত ৭ বাৰলৈ বিবাহ হোৱা কইনাই লুটিলে ৭গৰাকী স্বামীক, অষ্টম শ্ৰেণী উত্তীৰ্ণ কইনাই দুখন ৰাজ্যত চলাইছিল লুটৰাজ


 তেওঁৰ নাম উৰ্মিলা অহিৰৱাৰ। বয়সৰ লেখেৰে ২৮ বছৰ। অষ্টম শ্ৰেণীলৈকে অধ্যয়ন কৰা এই যুৱতীগৰাকীয়ে বিবাহ হৈছে ৭ বাৰ। ইয়াৰ ভিতৰত ৪ বাৰ ৰাজস্থানত আৰু ৩ বাৰ মধ্য প্ৰদেশত। বিবাহ তেওঁৰ বাবে আয়ৰ উৎস। প্ৰতিটো বৈবাহিক ঘটনাত গহনা আৰু নগদ ১৫ৰ পৰা ২০ হাজাৰ টকা সৰকাই আহিছে এইগৰাকী মহিলাই। অকল তেৱেঁই নহয় আছে এটা দল, যি তেওঁৰ আত্মীয়-স্বজনৰ ৰূপত ওলায়। মধ্য প্ৰদেশ (Madya Pradesh) আৰু ৰাজস্থানত (Rajasthan)লুটি বিখ্যাত হোৱা কইনাগৰাকীৰ সম্পূৰ্ণ কাহিনী এনেধৰণৰ...

কাহিনীটো ৮ বছৰ আগতে জবলপুৰৰ পৰা আৰম্ভ হৈছিল। উৰ্মিলা অহৰিৱাৰৰ প্ৰথম বিবাহ হৈছিল ২০ বছৰ বয়সত অজয় অহিৰৱাৰৰ সৈতে। অজয়ৰ আকস্মিক মৃত্যু হয়। ইয়াৰ পিছত উৰ্মিলাই ঘৰলৈ উভতি আহে আৰু শ্ৰমিক পিতৃ-মাতৃৰ সৈতে বাস কৰে। এনে অৱস্থাতে সুন্দৰী উৰ্মিলাই এগৰাকী চুবুৰীয়া মহিলাক লগ পাই আৰু  গঠন কৰে এটা দল। দলত থাকে অৰ্চনা বৰ্মন, ভগচান্দ কোৰী, শ্যাম আৰু অমৰ সিং পেটেল। সকলোকে ধনৰ প্ৰয়োজন আছিল, সেয়ে তেওঁলোকে বিয়া নোহোৱা লোক বিচাৰি চিকাৰ কৰিছিল (MP woman formed a marriage gang and robbed seven grooms)।

দলটোৱে প্ৰথমে ৩৫ বছৰীয়া বিজয় নামৰ যুৱক এজনক লক্ষ্য কৰে। বিজয়ৰ বহু দিনৰ পৰা বিয়া হোৱা নাছিল। দলৰ এজনে বিবাহৰ প্ৰস্তাৱ দিয়ে আৰু বিজয়ে উৰ্মিলাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। সম্পৰ্কটো চাৰি মাহ ধৰি চলে। উৰ্মিলাই সুযোগ বুজি গহনা আৰু নগদ ধন লৈ পলাইপত্ৰং দিয়ে। চোৰৰ দৰে নহয়, নিৰ্যাতিতা বুলি অভিযোগ তুলি বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰে।

দ্বিতীয় ভুক্তভোগীঃ দলটোৰ (marriage gang) শ্যামেই উৰ্মিলাৰ দ্বিতীয় বিবাহৰ আয়োজন কৰে মধ্যপ্ৰদেশৰ সাগৰত। তেওঁ ইয়াত ১৫ দিন আছিল। সুযোগ বুজি গহনা আদি লৈ আহে। তেওঁ এই বিবাহৰ পৰা ২২,০০০ টকা আয় কৰিছিল।

তৃতীয় ভুক্তভোগীঃ দলটোৱে উৰ্মিলাক মধ্যপ্ৰদেশৰ দামোহৰ পাথাৰিয়াত মোমাৱলী নামৰ এজন ৩৮ বছৰীয়া ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ কৰে। এয়াও আছিল ১৫ দিনীয়া সংসাৰ। পুনৰ চুৰি ১৭,০০০ টকাৰ গহনা।

ৰাজস্থানৰ ৰাজখেদাত চতুৰ্থ ভুক্তভোগীঃ দলটোৱে ৰাজস্থানৰ ৰাজখেদাত তেওঁৰ চতুৰ্থ বিবাহৰ আয়োজন কৰিছিল। ইয়াতো দৰাৰ বয়স আছিল ৩৫ বছৰ। ১৫ দিন থাকি তেওঁ অলংকাৰ আৰু গহনা লৈ পলাই যায়।

ৰাজস্থানৰ ঢোলপুৰত পঞ্চম ভুক্তভোগীঃ উৰ্মিলাৰ দলটোৱে ৰাজস্থানৰ ঢোলপুৰত পঞ্চম দৰাক বিচাৰিছিল। ইয়াতো বিয়াৰ ১৫ দিন পিছত উৰ্মিলাই অলংকাৰ আৰু নগদ ধন লৈ পলাই যায়।

ষষ্ঠ ভুক্তভোগীঃ দলটোৱে আকৌ এবাৰ জয়পুৰত শিবিৰ পাতিছিল। ইয়াত এজন দৰা বিচাৰি পাই আৰু বিবাহপাশত আৱদ্ধ হয়। পুৰণি চিত্ৰনাট্যৰ দৰে তাতো ১৫ দিন থাকি পলাই যায়।

সপ্তম ভুক্তভোগীজন জবলপুৰৰঃ দলটোৱে ২০২২ চনৰ ২ ফেব্ৰুৱাৰীত ভীমগড় ছপ্ৰা চিওনিৰ বাসিন্দা ৪১ বছৰীয়া দশৰথ পেটেলক চিকাৰ কৰে। সিদিনা উৰ্মিলাই বিবাহস্থলীৰ পৰাই পলায়ন কৰে।

দিন বেয়া আছিল উৰ্মিলাৰ
ডকাইত কইনাৰ বলি হোৱা ভীমগড় ছপ্ৰা চিওনিৰ বাসিন্দা দশৰথ পেটেল ৪১ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ'বলৈ গৈ আছিল। দলটোৱে দশৰথ পেটেলৰ পৰা ৩৫,০০০ টকা, মঙ্গলসূত্ৰ, পায়েল আৰু কাপোৰ লৈ পলাইছিল। ভগ্ন হৃদয়ৰ দশৰথে উৰ্মিলাৰ চুবুৰীয়া ৰূপে চিনাকি দিয়া অৰ্চনাক আবদ্ধ কৰাৰ পিছত সকলো ঘটনা পোহৰলৈ আহে।

Post a Comment

0 Comments