ছাত্ৰীক চুমা খাবলৈ গৈ হাতে–লোটে ধৰা পৰিল ‘ছাৰ’, তাৰ পিছত.


 শিক্ষক–শিক্ষাৰ্থীৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে এজন শিক্ষকে। ছাত্ৰীক চুম্বন কৰিবলৈ গৈ হাতে–লোটে ধৰা পৰিল এজন শিক্ষক। এই কুকাণ্ড সংঘটিত কৰিবলৈ গৈ ধৰা পৰাৰ পিছত অৱস্থা কাহিল হ’ল মৌলবী ছাৰৰ।

ঘটনাটো লখিমপুৰৰ লালুকৰ। অভিযোগ অনুসৰি, ইছলামপুৰ ব্লক ছিনিয়ৰ মাদ্ৰাছাৰ আৰবী শিক্ষক ইছমাইল হুছেইনে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক ঘৰত পঢ়ুওৱাৰ চলেৰে নিজৰ অসৎ চৰিতাৰ্থ পূৰণৰ চেষ্টা চলায়। কিন্তু পৰিয়ালৰ লোকে হাতে–লোটে ধৰা পেলালে শিক্ষকজনক।

ঘটনাৰ কথা জানিব পাৰি ক্ষোভিত হৈ পৰে স্থানীয় লোকসকল। ৰাইজে লগে লগে খবৰ দিয়ে আৰক্ষীক। একাংশ স্থানীয় লোকে উত্তম–মধ্যম শোধাই অভিযুক্ত শিক্ষকজনক গতাই দিয়ে লালুক আৰক্ষীক।

অভিযোগ অনুসৰি, পূৰ্বেও ইছমাইল হুছেইনে ফোনযোগে ছাত্ৰীগৰাকীক অশ্লীল ইংগিত দি আহিছিল। স্থানীয় লোকৰ লগতে দল–সংগঠনে শিক্ষকজনৰ উচিত শাস্তিৰ দাবী তুলিছে।

Post a Comment

0 Comments