গুৱাহাটীৰ দুই যুৱতীয়ে যোগ দিলে নেকি আলফা(স্বা)ত? উজনিৰ এজন আলফা নেতাৰ তত্বাৱধানত যোগদানৰ সন্দেহ, News18ৰ কেমেৰাৰ আগত কি ক'লে সৰস্বতীৰ মাতৃয়ে?


গুৱাহাটী মহানগৰীৰ দুগৰাকী যুৱতীয়ে (Guwahati Girl) আলফা স্বাধীন (ULFA-I)ত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে। আলফা স্বাধীনত যোগদান কৰা বুলি খবৰ প্ৰকাশ পোৱা যুৱতী দুগৰাকীৰ ঘৰ গুৱাহাটী মহানগৰীৰ উজান বজাৰ (Uzan Bazar)ৰ খাৰঘূলীৰ জয়পুৰত। উজনি অসমৰ এগৰাকী আলফা নেতাৰ তত্বাৱধানত দুয়োগৰাকী যুৱতীয়ে আলফা(স্বাধীন)ত যোগদান কৰাৰ সন্দেহ কৰা হৈছে। অৱশ্যে এই মুহূৰ্তলৈকে আৰক্ষীৰ ফালৰ পৰা কোনো তথ্য জনোৱা হোৱা নাই।

পৰিয়ালৰ লোকে জনোৱা মতে, ২০১২ চনত আলফা স্বাধীনত যোগদান কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল সৰস্বতী দাস নামৰ যুৱতীগৰাকী। পিছত ভৰলুমুখত উদ্ধাৰ কৰা হৈছিল। কিন্তু গুৱাহাটীৰ আনগৰাকী যুৱতীক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই।

Post a Comment

0 Comments