অনুৰাগীৰ এই ঘৰতে চিৰকাল থাকিব লতা মংগেশকাৰ ! 'লতাঞ্জলি'ত বিয়পি থাকিব তেওঁৰ হাজাৰ হাজাৰ স্মৃতি

 


এই ঘৰটো লতা মংগেশকাৰৰ স্মৃতিৰে ঘৰ। এজন অনুৰাগীৰ ঘৰ। নামটো লতাঞ্জলি। মীৰাটৰ গৌৰৱে ৩০ বছৰ ধৰি লতা মংগেশকাৰৰ স্মৃতি কঢ়িয়াই আনিছে। তেওঁ তেওঁৰ ঘৰৰ নাম লতাঞ্জলিও ৰাখিছে। এই ঘৰত, কেৱল লতা মংগেশকাৰৰ স্মৃতি বিয়পি আছে। লতা মংগেশকাৰক তেওঁৰ দেৱতা বুলি গণ্য কৰা গৌৰৱে ১৯২৯ চনৰ মুদ্ৰাটোও সংৰক্ষণ কৰিছে। গৌৰৱে কৈছে যে লতা মংগেশকাৰৰ জন্ম ১৯২৯ চনত হৈছিল। গতিকে সেই সময়ৰ মুদ্ৰাবিলাক বিচাৰি পোৱাৰ পিছত তেওঁ সেইবোৰ সংগ্ৰহত ৰাখিছিল। গৌৰৱে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক তেওঁৰ ঘৰটো লতা সংগ্ৰহালয় হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ কৰি আহিছে।।

এই কাহিনীটো ভক্ত আৰু ঈশ্বৰৰ দৰে। ঈশ্বৰ ইয়াত লতা মংগেশকাৰ আৰু ভক্ত জন মীৰাটৰ এজন ৩৮ বছৰীয়া ব্যক্তি। মীৰাট নিবাসী গৌৰৱ শৰ্মা লতা মংগেশকাৰৰ এজন  অনুৰাগী। ইমান ডাঙৰ অনুৰাগী যে তেওঁ তেওঁৰ ঘৰৰ নাম লতাঞ্জলি ৰাখিছে।

Post a Comment

0 Comments