মাৰাডোনাৰ ঘড়ী চুৰি প্ৰসংগঃ চাৰ্জশ্বীট দাখিলত ব্যৰ্থ আৰক্ষী, জামিনত মুকলি অভিযুক্ত ৱাজিদ হুছেইন


 বিশ্বৰ কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ ঘড়ী চুৰি প্ৰসংগৰ নতুন মূৰ। জামিনত মুক্তি লাভ কৰিলে অভিযুক্ত ৱাজিদ হুছেইেন। আদালতত  তথ্য প্ৰমাণ দিয়াত ব্যৰ্থ  আৰক্ষী। ফলত শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে ১৫ হেজাৰ টকা বেইল বণ্ডৰ বিনিময়ত মুকলি কৰি দিয়ে ৱাজিদ হুছেইনক। যোৱা ১১ ডিচেম্বৰত ৱাজিদ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

উল্লেখ্য যে,  ডুবাইৰ পৰা প্ৰয়াত মাৰাডোনাৰ হাবলট কোম্পানীৰ ঘড়ী চুৰি কৰি অনা বুলি অভিযোগ উত্থাপিত হৈছিল ৱাজিদ হুছেইনৰ বিৰুদ্ধে। ৱাজিদে চুৰি কৰি অনা বুলি সন্দেহ কৰি আইপেড,   টুপি , পুতলা, লাইটাৰ আদিও জব্দ কৰিছিল আৰক্ষীয়ে। পিছত  হুছেইনৰ বিৰুদ্ধে ১৩৮৮/২০২১ নং গোচৰৰ ৰুজু কৰি ৩৮০/৪১১ আই পি চিৰ অধীনত কৰিছিল গ্ৰেপ্তাৰ।

দুই মাহ ন্যায়িক জিম্মাত আছিল ৱাজিদ হুছেইন। কিন্তু দুইমাহে আদালতত  প্ৰমাণ দাখিল কৰিব নোৱাৰিলে আৰক্ষীয়ে। চাৰ্জশ্বীট দাখিলত হ'ল ব্যৰ্থ।

Post a Comment

0 Comments