নগাঁৱত পৰিচয় সলনি কৰি ছাত্ৰীৰে প্ৰেম মুছলমান যুৱকৰ! প্ৰেয়সীৰ অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল কৰাৰ ভাবুকি প্ৰেমিকৰ, থানা চৌহদতে প্ৰেয়সীক প্ৰহাৰ


 ব্লেকমেইলিঙেৰে প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰাখিব বিচৰা এগৰাকী যুৱকক আজি নগাঁও আৰক্ষীয়ে আটক কৰিছে। নগাঁও চহৰৰ মৰিকলং ভোটাইআটিৰ মঃ আছিফ হালদাৰ নামৰ যুৱকজনক আৰক্ষীয়ে আটক কৰিছে। জানিব পৰা মতে নিজৰ পৰিচয় লুকুৱাই যুৱকজনে এগৰাকী কলেজীয়া ছাত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। প্ৰায় এবছৰ ধৰি আছিফৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা কলেজীয়া ছাত্ৰী গৰাকীয়ে শেহতীয়া ভাৱে আছিফৰ প্ৰকৃত পৰিচয় পোৱাৰ পিছতে প্ৰেমৰ সম্পৰ্ক ত্যাগ কৰে। কিন্তু প্ৰেয়সীৰ সৈতে প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে আছিফে শেহতীয়া ভাৱে ব্লেকমেইলিঙৰ আশ্ৰয় লয়।

আছিফে প্ৰেয়সীৰ অন্তৰংগ মুহূৰ্তৰ ফটো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি দিয়াৰ লগতে প্ৰেয়সীৰ পিতৃ-মাতৃক আক্ৰমণৰো ভাবুকি দিয়ে। ইয়াৰ পিছতে আজি পুৱা যুৱতীগৰাকীয়ে নগাঁও সদৰ আৰক্ষী থানাত আছিফে মোবাইল ফোনত দিয়া ভাবুকিৰ ভিত্তিত এজাহাৰ দিবলৈ উপস্থিত হয়। কিন্তু প্ৰেয়সী থানালৈ যোৱাৰ কথা জানিব পাৰি আছিফ নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ প্ৰেয়সীৰ হাতৰ পৰা এজাহাৰ কাঢ়ি লোৱাৰ উপৰিও শাৰিৰীক ভাৱে আক্ৰমণো কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে আছিফক আটক কৰাৰ লগতে যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আছিফৰ মোবাইল ফোনটোও জব্দ কৰে। সদৰ আৰক্ষী থানাৰ চৌহদতে এগৰাকী যুৱতীক এইদৰে আক্ৰমণৰ চেষ্টা চলোৱা ঘটনাক লৈ সমগ্ৰ চহৰখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Post a Comment

0 Comments