পশুখাদ্য কেলেংকাৰিয়ে এৰা নাই লালুপ্ৰসাদ যাদৱক, পুনৰ দোষী সাব্যস্তৰ পিছত পুত্ৰ তেজস্বী যাদৱে ক'লে- বিকল্প আছে

 


পশুখাদ্য কেলেংকাৰিয়ে এৰা নাই বিহাৰৰ এসময়ৰ প্ৰবল প্ৰতাপী নেতা লালুপ্ৰসাদ যাদৱক। চি বি আইৰ বিশেষ আদালতে পশুখাদ্য কেলেংকাৰিক লৈ মঙলবাৰে ৰায়দান কৰে। ৰায়দান স্বাভাৱিকতে লালুপ্ৰসাদৰ (Lalu Prasad Yadav) বিপক্ষে যায়, দোষী সাব্যস্ত হয় বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

চিবিআই আদালতে তেওঁক ডোৰন্দা কোষাগাৰৰ (Doranda Treasury Case) পৰা ১৩৯.৩৫ কোটি টকা অবৈধভাৱে উলিওৱা বুলি অভিযুক্ত কৰি দোষী সাব্যস্ত কৰে এই ৰায়ত। ১৯৯০ৰ পৰা ১৯৯৫ চনৰ ভিতৰত সংঘটিত হৈছিল এই কেলেংকাৰি। এই গোচৰটোত মুঠ ১৭০জন অভিযুক্ত আছিল যদিও ৫৫জনৰ মৃত্যু হোৱাত এতিয়া ৯৯ জন অভিযুক্ত আছে।অৱশ্যে মঙলবাৰে চি বি আইৰ এই বিশেষ আদালতে (CBI court) দোষী সাব্যস্ত হোৱাসকলৰ শাস্তি ঘোষণা কৰা নাই। এই সন্দৰ্ভত ২১ ফেব্ৰুৱাৰীত শুনানি আছে। গতিকে পুনৰ কাৰাদণ্ডৰ শাস্তিৰ সন্মুখীন হ'ব পাৰে নেতাগৰাকী।

ইফালে এই সন্দৰ্ভত লালুপ্ৰসাদৰ পুত্ৰ তেজস্বীয়ে কয় যে এয়া চূড়ান্ত সিদ্ধান্ত নহয়। তেওঁলোকৰ ওচৰত উচ্চ আদালতত এই ৰায়ক প্ৰত্যাহ্বান জনোৱাৰ বিকল্প আছে। আনকি উচ্চ ন্যায়ালয়ৰ পাছতো প্ৰয়োজন হ'লে উচ্চতম ন্যায়ালয়লৈ ((Supreme Court) যোৱাৰ বিকল্প আছে। গতিকে পিতৃ লালুপ্ৰসাদ যাদৱৰ ক্ষেত্ৰত এই গোচৰৰ ৰায় তেওঁৰ মতে উদ্বেগজনক নহয়। উল্লেখ্য, বৰ্তমান লালুপ্ৰসাদ যাদৱ স্বাস্থ্যজনিত সমস্যাৰে জৰ্জৰিত। গতিকে লালুৰ অনুগামীয়ে আশা কৰিছে আদালতে এই দিশটোৰ প্ৰতিও গুৰুত্ব দি শাস্তি ঘোষণা কৰিব।

Post a Comment

0 Comments