কাশ্মীৰক লৈ KFCৰ ভয়ংকৰ পোষ্ট, পাকিস্তানৰ সুৰত সুৰ মিলোৱা KFCৰ বিৰুদ্ধে উত্তাল ছ'চিয়েল মিডিয়া

 


কাশ্মীৰ সমস্যা সন্দৰ্ভত ভাৰতবিৰোধী আৰু পাকিস্তানৰ সমৰ্থনসূচক মত আগবঢ়োৱা আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ তালিকাত আন এটা নাম যোগ হৈছে। হুণ্ডাই, কিয়া আৰু পিজ্জা হাটৰ পিছত এতিয়া কেএফচিয়ে কাশ্মীৰৰ ওপৰত পাকিস্তানৰ চিন্তাধাৰাক সমৰ্থন কৰিছে। কাশ্মীৰৰ স্বাধীনতাৰ সমৰ্থনক লৈ কেএফচিৰ (KFC) পোষ্ট দেখি ভাৰতত কেএফচিৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে। প্ৰতিবাদৰ পিছতে অৱশ্যে কেএফচি ইণ্ডিয়াই ইয়াৰ বাবে টুইট কৰি ক্ষমা বিচাৰিছে। কিন্তু ছ'চিয়েল মিডিয়াত ভাৰতীয়ই এই আন্তঃৰাষ্ট্ৰীয় বিপণীক লৈ খং প্ৰকাশ কৰিছে (KFC had supported the separatists in Kashmir)।

কেএফচিয়ে কাশ্মীৰ সন্দৰ্ভত পাকিস্তানৰ কাৰ্যসূচীক সমৰ্থন কৰি ছ'চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কৈছিল যে কাশ্মীৰ কাশ্মীৰীসকলৰ (“Kashmir Belongs To The Kashmiris”)। একে সময়তে, পিজ্জা হাট ( Pizza Hut) পাকিস্তানে ইয়াৰ ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰি লিখিছে- "কাশ্মীৰ সংহতি দিৱসত সকলো কাশ্মীৰী ভাই-ভনীৰ স্বাধীনতাৰ বাবে আমি একেলগে থিয় দিছোঁ।"
 

Post a Comment

0 Comments