‘ভাল মুছলমান হ’বলৈ হিজাব পিন্ধাৰ প্ৰয়োজন নাই’ – হিজাব বিতৰ্কৰ মাজতে এগৰাকী ছাত্ৰীৰ সাহসী মন্তব্যই দৃষ্টি কাঢ়িছে দেশবাসীৰ


 দেশজুৰি চলি থকা হিজাব বিতৰ্কৰ মাজতে জম্মু–কাশ্মীৰৰ এগৰাক মেধাৱী ছাত্ৰীৰ সাহসী মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। ছাত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ‘ভাল মুছলমান বুলি প্ৰমাণ দিবলৈ হিজাব পিন্ধাৰ প্ৰয়োজন নাই।’ এই মন্তব্যৰ পিছতে একাংশই এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে ছাত্ৰীগৰাকীক।

উল্লেখযোগ্য যে আৰুছা পাৰভেজ নামৰ এই মেধাৱী ছাত্ৰীগৰাকীয়ে সদ্যঘোষিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল। ইলাহীবাগ অঞ্চলৰ বাসিন্দা মেধাৱী শিক্ষাৰ্থীগৰাকীয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৫০০ নম্বৰৰ ভিতৰত ৯৯.৮০ শতাংশ হাৰত ৪৯৯ নম্বৰ লাভ কৰিছিল। জিলা প্ৰশাসনে তেওঁক সম্বৰ্ধনাও জনাইছিল। তাৰ বিপৰীতে কিন্তু একাংশ লোকে তেওঁক তীব্ৰ সমালোচনা কৰিছিল। কাৰণ ছাত্ৰীগৰাকীয়ে হিজাব পিন্ধা নাছিল। কিন্তু সাহসী ছাত্ৰীগৰাকীয়ে সমালোচনা কৰাসকলক দিলে উচিত প্ৰত্যুত্তৰ।

ইণ্টাৰনেটত ট্ৰ’লাৰসকলক প্ৰত্যুত্তৰ দি ছাত্ৰীগৰাকীয়ে কয়, ‘‘মই ইছলামীয় আদৰ্শক মানি চলো আৰু ভাল মুছলমান বুলি প্ৰমাণ দিবলৈ মই হিজাব পিন্ধাৰ প্ৰয়োজন নাই। আল্লাৰ ওপৰত মোৰ বিশ্বাস আছে আৰু মই ইছলামিক আদৰ্শ মানি চলো। নিজকে ভাল মুছলমান বুলি প্ৰমাণ কৰিবলৈ মই হিজাব পিন্ধাৰ প্ৰয়োজন নাই।’’ আৰুছাৰ এই সাহসী মন্তব্য আৰু স্পষ্টবাদিতাই এতিয়া চৰ্চা লাভ কৰিছে দেশজুৰি।

Post a Comment

0 Comments