কৰ্ণাটকত হিজাব বিবাদ : ৩ দিনৰ বাবে স্কুল–কলেজ বন্ধ ঘোষণা কৰিল ৰাজ্য চৰকাৰে, হাইক’ৰ্টত কাইলৈ শুনানি

 


কৰ্ণাটকত হিজাবক লৈ চলি থকা বিবাদৰ মাজতে ৰাজ্য চৰকাৰে আগন্তুক তিনিদিনৰ বাবে স্কুল–কলেজ বন্ধ ঘোষণা কৰাৰ নিৰ্দেশ দিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইয়ে নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত এই কথা অৱগত কৰিছে।

ইয়াৰ পূৰ্বে কৰ্ণাটক হাইক’ৰ্টত মঙলবাৰে হিজাব প্ৰসংগত মুছলমান ছাত্ৰীৰ চাৰিখন আবেদনৰ শুনানি গ্ৰহণ কৰে। ন্যায়াধীশ কৃষ্ণা দীক্ষিতে কয় যে আমি কোনো আবেগ আৰু ভাৱনাৰ মতে নহয়, কাৰণ আৰু আইনৰ মতে চলিম। যিটো সংবিধানে কয় সেয়াই আমি কৰিম। সংবিধানে আমাৰ বাবে ভাগৱত–গীতা। আদালতে বুধবাৰে পুনৰ এবাৰ শুনানি গ্ৰহণ কৰিব।

তেওঁ কয় যে এটা গোচৰৰ যি সিদ্ধান্ত হ’ব, সেয়া সকলো আবেদনৰ ওপৰত কাৰ্যকৰী হ’ব। অধিবক্তা দেৱেন্দ্ৰ কামাতে মুছলমান ছাত্ৰীৰ হৈ আদালতত নিজৰ পক্ষ ৰাখে। আনহাতে, ৰাজ্যৰ এডভকেট জেনেৰেলে চৰকাৰৰ ফালৰ পৰা শুনানিত অংশগ্ৰহণ কৰে।

ঘটনাক লৈ হাইক’ৰ্টত শুনানি অব্যাহত আছে। ইয়াৰ পূৰ্বে সীমাতকৈ অধিক লোক শুনানিৰ সৈতে জড়িত হোৱাত এডভকেট জেনেৰেলে কণ্টেক্ট কৰিব নোৱাৰিলে। ইয়াৰ পিছত একাংশ লোকক আঁতৰি যাবলৈ কোৱা হয়। জুম ছেছনত হোৱা শুনানিৰ বাবে ৫০০ লোকৰ সীমা ৰখা হৈছিল। কামাতে ২০১৮ চনৰ কেৰালা হাইক’ৰ্টৰ গোচৰৰ বিষয়ে কয় য’ত ন্যায়াধীশ মুছতাক আহমেদে প্ৰাইভেট স্কুলত হিজাব নিপিন্ধাৰ সিদ্ধান্ত দিছিল। কামাতে কয় যে সেয়া এক মিছনেৰী স্কুল আছিল।

কৰ্ণাটকত হিজাবক লৈ বিবাদ ১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল।উডুপীত ৬গৰাকী মুছলমান ছাত্ৰীক হিজাব পিন্ধাৰ বাবে কলেজত ক্লাছ ৰুমত বহাত বাধা দিয়া হৈছিল। কলেজ মেনেজমেণ্টে নতুন ইউনিফৰ্ম পলিচী ইয়াৰ কাৰণ বুলি কৈছিল। ইয়াৰ পিছত সেই ছাত্ৰীকেইগৰাকীয়ে কৰ্ণাটক হাইক’ৰ্টত এক আবেদন দাখিল কৰিছিল। তেওঁলোকৰ যুক্তি হিজাব পিন্ধাৰ অনুমতি নিদিয়াটো সংবিধানৰ অনুচ্ছেদ ১৪ আৰু ২৫ৰ আধাৰত তেওঁলোকৰ মৌলিক অধিকাৰ হনন।

Post a Comment

0 Comments