'হিজাব যদি নিষিদ্ধ, ঘূংগট, পাগুৰি, বিন্দী কিয় নিষিদ্ধ নহয়?'-হিজাবকলৈ উত্তাল কৰ্ণাটক উচ্চ ন্যায়ালয়

 


হিজাব বিতৰ্কই তোলপাৰ লগাইছে সমগ্ৰ দেশ। কৰ্ণাটকত আৰম্ভ হোৱা এই বিতৰ্ক এতিয়াও তল পৰা নাই। বুধবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হয় বিদ্যালয়ত হিজাব নিষিদ্ধকৰণকলৈ কৰা আবেদনৰ শুনানি।

বিপৰীত পক্ষৰ আবেদনকাৰীৰ হৈ অধিবক্তা ৰবিবৰ্মা কুমাৰে কয় যে, মই সমাজত বহু ধৰ্মীয় চিহ্ন দেখিছো। দেশত বহু ধৰ্মীয় চিহ্ন আছে। কিন্তু কেৱল হিজাবকলৈ বিতৰ্ক কিয়? হিন্দু আৰু শিখসকলৰো নিজ নিজ ধৰ্মীয় প্ৰতীক আছে। শ্ৰেণীকোঠাত যদি হিজাব নিষিদ্ধ হয়, তেন্তে পাগুৰি, ফোঁট নিষিদ্ধ নহয় কিয়? এয়া কি ধৰ্মীয় চিম্বল নহয় নেকি? তেওঁলোকে কিয় কেৱল দুখীয়া মুছলমান ছোৱালী বোৰক লক্ষ্য কৰিছে?'

অধিবক্তাগৰাকীয়ে কয়, 'যদি পাগুৰি পিন্ধি থকা লোকসকল সেনাবাহিনীত থাকিব পাৰে, তেন্তে মুছলিম ছোৱালীবোৰক শ্ৰেণীত উপস্থিত থাকিবলৈ কিয় বাধা দিয়ে? দোপাট্টা, চুড়ি, বিন্দি, ডিঙিৰ তলত ক্ৰুচিক্স পিন্ধা শিক্ষাৰ্থীসকলক শ্ৰেণী কোঠাত প্ৰৱেশ নিষেধ কৰা নাই কেৱল মুছলমান ছাত্ৰীসকলক কিয় টাৰ্গেট কৰা হৈছে? এই ছোৱালীবোৰহে কিয়? এয়া ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৫ৰ অৱমাননা।'

উল্লেখ্য যে, কৰ্ণাটকৰ বিদ্যালয়সমূহত হিজাব নিষিদ্ধ কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা আৱেদনকাৰীসকলে বুধবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত তৰ্কতো লিপ্ত হৈছিল।

কৰ্ণাটকত হিজাবক লৈ বিবাদ ১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল। উডুপীত ৬ গৰাকী মুছলমান ছাত্ৰীক হিজাব পিন্ধাৰ বাবে কলেজত ক্লাছ ৰুমত বহাত বাধা দিয়া হৈছিল। কলেজ মেনেজমেণ্টে নতুন ইউনিফৰ্ম পলিচী ইয়াৰ কাৰণ বুলি কৈছিল। ইয়াৰ পিছত সেই ছাত্ৰীকেইগৰাকীয়ে কৰ্ণাটক হাইক’ৰ্টত এক আবেদন দাখিল কৰিছিল। তেওঁলোকৰ যুক্তি হিজাব পিন্ধাৰ অনুমতি নিদিয়াটো সংবিধানৰ অনুচ্ছেদ ১৪ আৰু ২৫ৰ আধাৰত তেওঁলোকৰ মৌলিক অধিকাৰ হনন।

Post a Comment

0 Comments