‘আইন সকলোৰে বাবে সমান নহয় নেকি?’ – হেলমেট নিপিন্ধাকৈ বাইক চলোৱা আৰক্ষীক প্ৰশ্ন কৰাত সাংবাদিকক উপৰ্যুপৰি প্ৰহাৰ


 চিৰাং জিলাৰ বাসুগাঁৱত বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক জয়ন্ত দেৱনাথক আৰক্ষীৰ প্ৰহাৰ৷ বাসুগাঁও আৰক্ষী চকীৰ  প্ৰদীপ সাহা আৰু এল এন বৰ্মন নামৰ কনিষ্টবল দুজনে হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰি সাংবাদিক জয়ন্ত দেৱনাথে প্ৰশ্ন কৰাত ক্ষুব্ধ হৈ আৰক্ষী কনিষ্টবলে এই ঘটনা সংঘটিত কৰে৷ আইন সকলোৰে বাবে সমান নহয় নেকি বুলি প্ৰশ্ন কৰি মোবাইলৰে আৰক্ষীৰ এই দৃশ্য ভিডিঅ’ কৰাৰ বাবে আৰক্ষী জোৱানে সাংবাদিকজনক অশ্ৰাব্য ভাষাৰে গালি গালাজ কৰাৰ লগতে দিন দুপৰতে বাসুগাঁৱৰ ৰাজপথত নিৰ্মমভাৱে প্ৰহাৰ কৰে। আঘাতপ্ৰাপ্ত জয়ন্ত দেৱনাথক চিকিৎসকে শাৰীৰিক পৰীক্ষা কৰাৰ অন্তত বঙাইগাঁৱৰ লৱাৰ আছাম নাৰ্ছিং হোমত চিকিৎসাৰ কৰা হয়।

ঘটনাৰ পিছতে থানাৰ সন্মুখত সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে চিৰাং জিলাৰ উপ–আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকা উপস্থিত হৈ সাংবাদিক জয়ন্ত দেবনাথৰ এজাহাৰৰ ভিত্তিত দুই আৰক্ষী কনিষ্টবলক আৰক্ষী দুগৰাকীক ৰিজাৰ্ভ ক্ল’জ কৰা হয়। জাৰ্নেলিষ্ট এছ’চিয়েচন অৱ আছামকে ধৰি কেইবাটাও সংগঠনে এই ঘটনাক গৰিহণা দিছে৷

Post a Comment

0 Comments