যোৰহাটৰ ঐতিহাসিক স্থানসমূহ যুগমীয়া কৰি ৰাখিবলৈ বিশেষ পৰিকল্পনা হাতত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই


 আহোমৰ শেষ ৰাজধানী যোৰহাটৰ চুকে কোনে সোমাই থকা ঐতিহাসিক সমলবোৰৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । শুক্ৰবাৰে যোৰহাটৰ চিনামৰা চাহ বাগিচাত থকা মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰি অচিৰেই এই অঞ্চলটোত ৰূপায়ণ কৰিবলৈ পৰিকল্পনা কৰা এক বিশেষ প্ৰকল্পৰ আভাষ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে যোৰহাটৰ হোলোঙাপাৰ স্থিত লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এক কোটি টকা প্ৰদান কৰে ।

শুক্ৰবাৰে বিয়লি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু মন্ত্ৰী ৰণোজ পেগুক লগত লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চিনামৰা বাগিচাত থকা মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰি অঞ্চলটোৰ বুজ লয় । মুখ্যমন্ত্ৰীগৰাকীয়ে মণিৰাম দেৱানৰ স্মৃতিসমূহ আৰু সমাধি যুগমীয়া কৰি ৰাখিবলৈ এই অঞ্চলটো এটি ঐতিহ্যমণ্ডিত ক্ষেত্ৰলৈ পৰিণত কৰিবলৈ বিশেষ পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে । অচিৰেই সমাধিক্ষেত্ৰৰ সমীপত গড়আলিৰ কাষত মণিৰাম দেৱানৰ এটি বৃহৎ পূৰ্ণাংগ মূৰ্তি স্থাপন কৰা হ'ব । আনহাতে বীৰ লাচিত বৰফুকনৰ যোৰহাটৰ হোলোঙাপাৰ স্থিত সমাধিক্ষেত্ৰৰ কাষত আৰু পঞ্চাশ বিঘা মাটি লৈ বীৰজনাৰ স্মৃতিত উক্ত সমাধিক্ষেত্ৰখন আটকধুনীয়াকৈ নিৰ্মাণ কৰাৰ এক প্ৰকল্প হাতত ল'বলৈ ইচ্ছুক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । শুক্ৰবাৰে পূৰ্বে কৰি যোৱা ঘোষণা অনুসৰি বীৰ লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এক কোটি টকাৰ চেক প্ৰদান কৰে সংশ্লিষ্ট কৰ্তৃপক্ষক ।

Post a Comment

0 Comments