দৰমহা ২ লাখ ৮০ হাজাৰ, কেন্দ্ৰীয় চৰকাৰৰ অধীনত চাকৰিৰ সুযোগ


 সম্প্ৰতি ইণ্ডিয়ান ৰেয়াৰ আৰ্থ লিমিটেডৰ (IREL) ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি চীফ জেনেৰেল মেনেজাৰ, চীফ মেনেজাৰ, মেনেজাৰ পদত নিয়োগৰ বাবে আবেদনপত্ৰ গ্ৰহণৰ কাম আৰম্ভ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আ‍বেদন কৰিব পাৰিব। এই বিষয়ে অধিক বিশদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে ইণ্ডিয়ান ৰেয়াৰ আৰ্থ লিমিটেডৰ অফিচিয়েল ৱেবছাইটলৈ গৈ চাব পাৰে।

প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে  ১৬ ফেব্ৰুৱাৰী ২০২২ তাৰিখৰ ভিতৰত আবেদন পত্ৰ জমা দিব লাগিব। আবেদন কৰিব লাগিব অনলাইনত। সেইক্ষেত্ৰত প্ৰাৰ্থীসকলে প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবছাইটত আবেদন পত্ৰ লাভ কৰিব। এই সংক্ৰান্তীয় সময়সীমাৰ কোনো সালসলনি থাকিলে জাননীযোগে প্ৰাৰ্থীসকলক অৱগত কৰা হ’ব।

Post a Comment

0 Comments