ISROই সফলভাৱে উৎক্ষেপন কৰিলে বছৰটোৰ প্ৰথমটো ৰাডাৰ ইমেজনিং উপগ্ৰহ, কি কাম কৰিব এই উপগ্ৰহই?

 


ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা ISROই এই বছৰৰ প্ৰথমটো ৰাডাৰ ইমেজনিং ছেটেলাইট Earth Observation Satellite (EOS-04) অন্ধ্ৰ প্ৰদেশৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা আজি পুৱা সফলভাৱে উৎক্ষেপন কৰে। ইছৰ’ৱে এই উপগ্ৰহ লঞ্চ পেডৰ পৰা আজি পুৱা ০৫.৫৯ বজাত দুটা সৰু উপগ্ৰহৰ সৈতে পিএছএলভিৰ জৰিয়তে লঞ্চ কৰে। পিএছএলভিৰ জৰিয়তে ইছৰ’ৱে পৃথিৱীৰ পৰ্যবেক্ষণ উপগ্ৰহ বা আৰ্থ অবজাৰভেচন উপগ্ৰহটো মহাকাশলৈ প্ৰেৰণ কৰে। এই উপগ্ৰহটোৰ নাম ৰাডাৰ ইমেজনিং উপগ্ৰহ যিয়ে পৃথিৱীৰ পৃষ্ঠৰ ফটো ইছৰ’লৈ প্ৰেৰণ কৰিব।

ইছৰ’ৱে এই উপগ্ৰহটোৰ সৈতে সৰু সৰু দুটা আন উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিছে। পিএছএলভি–চি৫২ৰ জৰিয়তে ১,৭১০ কিলোগ্ৰাম ওজনৰ ইঅ’এছ–০৪ উপগ্ৰহটো সূৰ্যৰ ধ্ৰুবীয় কক্ষত গ্ৰহৰ পৰা ৫২৯ কিলোমিটাৰ দূৰত্বত স্থাপন কৰা হ’ব। ইছৰ’ৱে এই পিএছএলভিৰ জৰিয়তে আন দুটা উপগ্ৰহ INSPIRESat আৰু INSAT-2DT উপগ্ৰহও মহাকাশলৈ প্ৰেৰণ কৰে। INSAT-2DT ভাৰত আৰু ভূটানৰ সংযুক্ত মিছন।

Post a Comment

0 Comments