চাৰি দশকৰ পিছত মুম্বাইত হ'ব আন্তৰ্জাতিক অলিম্পিক সমিতিৰ বৈঠক, IOCৰ সদস্য নীতা আম্বানিৰ অৱদানক প্ৰশংসা


 আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ ২০২৩ চনৰ পৰৱৰ্তী বৈঠক ভাৰতৰ মুম্বাইত অনুষ্ঠিত হ'ব। আন্তৰ্জাতিক অলিম্পিক সমিতিৰ অধিৱেশন ২০২২ত হোৱা ভোটদানত ভাৰতে ৭৬টা ভোটৰ ভিতৰত ৭৫টা ভোট লাভ কৰিছিল। উল্লেখ্য আইঅ'চি অধিৱেশন হৈছে আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সদস্য ৰাষ্ট্ৰসমূহৰ এখন ৰাজহুৱা সভা। এয়া আইঅ'চিৰ সৰ্বোচ্চ বৈঠক বুলি পৰিচিত। এই সভাতে অলিম্পিকৰ স্থানকে ধৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। এতিয়া আইঅ'চিৰ ২০২৩ চনৰ সাধাৰণ সভা মুম্বাইৰ জিঅ' ৱৰ্ল্ড চেণ্টাৰত (Jio World Convention Centre ) অনুষ্ঠিত হ'ব।

ভাৰতৰ পৰা আইঅ'চি সদস্য হিচাপে নিৰ্বাচিত হোৱা দেশৰ প্ৰথমগৰাকী মহিলা নীতা আম্বানিক লৈ গঠিত ভাৰতীয় প্ৰতিনিধি দলৰ এইক্ষেত্ৰত আছিল অভূতপূৰ্ব অৱদান। আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (IOC) সদস্য নীতা আম্বানিয়ে (Nita Ambani)  বৈঠকৰ বাবে ভাৰত বাছনি হোৱা সন্দৰ্ভত কয়, "এনে এক সন্মানীয় অলিম্পিক সমিতিৰ শীৰ্ষ বৈঠক আয়োজন কৰিবলৈ ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিয়াটো গৌৰৱৰ বিষয়।" তেওঁ লগতে কয়- "ভাৰতৰ অলিম্পিক হোষ্টিঙৰ যি সপোন, সেই ক্ষেত্ৰত এইটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব আৰু ভাৰতীয় ক্ৰীড়াত এক নতুন যুগৰ সূচনা হ'ব।

Post a Comment

0 Comments