ভাৰতীয় ক্ৰিকেট দলৰ ৫ হিৰ’, যাৰ বাবে ইংলেণ্ডক হৰুৱাই ভাৰতে পঞ্চমবাৰলৈ আঁজুৰি আনিলে ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ


 দিল্লীৰ যশ ধুলৰ অধিনায়কত্বত ভাৰতে সুন্দৰ প্ৰদৰ্শনেৰে ৪ উইকেটত জয়লাভ কৰে। এই জয়ত উল্লেখযোগ্য অৱদান আগবঢ়ালে ৫গৰাকী খেলুৱৈয়ে।

ভাৰতীয় ক্ৰিকেট দলে ইংলেণ্ডক পৰাস্ত কৰি পঞ্চমবাৰলৈ দখল কৰিলে আণ্ডাৰ–১৯ বিশ্বকাপৰ খিতাপ। দিল্লীৰ যশ ধুলৰ অধিনায়কত্বত ভাৰতে সুন্দৰ প্ৰদৰ্শনেৰে ৪ উইকেটত জয়লাভ কৰে। এই জয়ত উল্লেখযোগ্য অৱদান আগবঢ়ালে ৫গৰাকী খেলুৱৈয়ে।

মিডিয়াম পেছাৰ ৰাজ বাৱাই ইংলেণ্ডৰ বেটছমেনসকলক শিৰনট কৰিবলৈ বাধ্য কৰে। হিমাচল প্ৰদেশত জন্মগ্ৰহণ কৰা ৰাজে ৯.৫ অভাৰত মাত্ৰ ৩১ ৰান দি ৫টা উইকেট দখল কৰে। ইংলেণ্ড দলে ফাইনেলত ৪৪.৫ অভাৰত ১৮৯ ৰান সংগ্ৰহ কৰি অলআউট হয়। ৰাজে বেটিঙেৰেও দিলে চমক। দললৈ ৩৫ ৰানৰ অনবদ্য বৰঙণি আগবঢ়ালে ক্ৰিকেটাৰগৰাকীয়ে।

Post a Comment

0 Comments