নিজৰ গাওঁ, চহৰৰ নাম সলনি কৰিব বিচাৰে নেকি? চৰকাৰক দিয়ক পৰামৰ্শ, শীঘ্ৰে হিমন্ত বিশ্বৰ চৰকাৰে মুকলি কৰিব পৰ্টেল!

 


আপুনি থকা ঠাইখনৰ নামটো সলনি কৰিব বিচাৰে নেকি? ৰাজ্য চৰকাৰক এই সন্দৰ্ভত আপুনি দিব পাৰিব পৰামৰ্শ। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাই এই কথা। এই প্ৰক্ৰিয়াটোৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিব বিশেষ পৰ্টেল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে কয় যে,  'এখন চহৰ, নগৰ বা গাঁৱৰ নামে সেই স্থানৰ সভ্যতা, সংস্কৃতি, পৰম্পৰাত প্ৰতিফলন কৰিব লাগে।' গতিকে নিজৰ সংস্কৃতি পৰিম্পৰা অনুসৰি নিজৰ ঠাইখনৰ নাম সলনি কৰিবলৈ ৰাজ্য চৰকাৰক এই পৰ্টেলৰ জৰিয়তে পৰামৰ্শ দিব পাৰিব।

ইফালে মুখ্যমন্ত্ৰীৰ এই টুইটকলৈ এতিয়া আৰম্ভ হৈছে বিশেষ চৰ্চা। ছচিয়েল মিডিয়াত শ্বেয়াৰ হৈছে বিভিন্নধৰণৰ মীম। বিৰোধীয়েও চৰকাৰৰ এই ঘোষণাৰ কঠোৰ সমালোচনা কৰিছে। বিৰোধীয়ে কৈছে যে, গাওঁ, চহৰৰ নাম সলনি কৰিলে মানুহৰ পেট নভৰে।'

Post a Comment

0 Comments