ৰোহিত শৰ্মাৰ টেষ্ট দলত বাদ পৰিল পূজাৰা, ৰাহানে আৰু ইশান্ত ! স্থান পালে কেইবাখনো নতুন মুখে


 শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক টেষ্ট আৰু টি-২০ খেলৰ বাবে ভাৰতীয় দল (India Vs SriLanka) ঘোষণা কৰা হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) শনিবাৰে দুয়োটা দলৰ কথা ঘোষণা কৰে৷ টি-২০ আৰু এদিনীয়া খেলৰ পিছত ৰোহিত শৰ্মাও টেষ্ট দলৰ অধিনায়ক হ'ব৷ ভাৰতৰ অভিজ্ঞ খেলুৱৈ চেতেশ্বৰ পূজাৰা, আজিংক্য ৰাহানে আৰু ইশান্ত শৰ্মাই টেষ্ট দলত স্থান পোৱা নাই। একে সময়তে, বিৰাট কোহলী আৰু ঋষভ পন্ত টি-২০ শৃংখলাৰ অংশ নহ'ব। দুয়োজন খেলুৱৈক বিশ্ৰাম দিয়া হৈছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত আঘাতপ্ৰাপ্ত অপেনাৰ কে এল ৰাহুল শ্ৰীলংকাৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ অংশ নহ'ব। যশপ্ৰীত বুমৰাহক টি-২০ আৰু টেষ্ট দুয়োটা দলৰ উপ-অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে।

টেষ্ট শৃংখলাৰ বাবে টীম ইণ্ডিয়াঃ ৰোহিত শৰ্মা (অধিনায়ক), মায়াংক আগৰৱালা, প্ৰিয়ংক পাঞ্চাল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, হনুমা বিহাৰী, শুভমান গিল, ঋষভ পন্ত, কে এছ ভাৰত, ৰবিচন্দ্ৰন অশ্বিন (ফিটনেছৰ ওপৰত নিৰ্ভৰশীল), ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ (উপ-অধিনায়ক), মহম্মদ ছামী, মহম্মদ চিৰাজ, উমেশ যাদৱ, সৌৰভ কুমাৰ

ভাৰতীয় টি-২০ দল: ৰোহিত শৰ্মা (অধিনায়ক), ৰিতুৰাজ গায়কৱাড়, ঈশান কিষাণ (উইকেটকিপাৰ), সূৰ্যকুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, ভেঙ্কটেশ আয়াৰ, দীপক হুডা, যশপ্ৰীত বুমৰাহ (উপ-অধিনায়ক), ভুৱনেশ্বৰ কুমাৰ, দীপক চাহাৰ, হৰ্ষল পেটেল, মহম্মদ চিৰাজ, সঞ্জু চেমচন (উইকেটকিপাৰ), ৰবীন্দ্ৰ জাদেজা, যুজবেন্দ্ৰ চাহল, ৰবি বিষ্ণোই, কুলদীপ যাদৱ আৰু আৱেশ খান।

Post a Comment

0 Comments