জোনবাইৰ দেশত মাটি কিনিব নেকি, একেবাৰে পানীৰ দামত দি আছে!

 


জোনবাইৰ (Moon) দেশত ঘৰ সজাৰ সপোন প্ৰতিজন মানুহেই দেখি আহিছে। কিন্তু সকলোৱে ভাবে এয়া কল্পনা বিলাসিতাহে মাথোন। পিছে এই কল্পনা এতিয়া আৰু কল্পনা হৈ থকা নাই। এতিয়া আপুনি ইচ্ছা কৰিলেই জোনবাইত ঘৰ সাজিবলৈ জোনৰ দেশত মাটি কিনিব (Buy Land in Moon) পাৰিব। সেয়াও পৃথিৱীতকৈ বহু কম দামত। ত্ৰিপুৰাৰ দুজন যুৱকে (Tripura Youth) জোনবাইত মাটি কিনি তাকেই প্ৰমাণ কৰিলে।

ত্ৰিপুৰাৰ ছাব্ৰুমৰ সুমন দেৱনাথে (Suman Dev Nath) ১৪ ফেব্ৰুৱাৰীত মাটি কিনিলে চন্দ্ৰত। জোনৰ দেশত এক একৰ মাটি কিনিলে সুমনে। মাত্ৰ ৬ হাজাৰ টকাত চন্দ্ৰত এক একৰ ভূমিৰ মালিক হ’ল সুমন।

সুমনে International Lunar Societyৰ পৰা জোনত মাটি কিনিছে। ত্ৰিপুৰাৰ পৰা চন্দ্ৰত মাটি কিনা সুমনেই হৈছে প্ৰথম লোক। গণিতৰ শিক্ষক সুমনৰ ভূমিৰ পঞ্জীয়নৰ কামো সম্পূৰ্ণ হৈছে।

ইপিনে সুমনে চন্দ্ৰত মাটি কিনাৰ বাতৰি পোৱাৰ পিছতে ত্ৰিপুৰাৰ ছাব্ৰুমৰে আন এজন যুৱক চম্পক দেৱনাথে (Champak Dev Nath)ও মাটি কিনিলে চন্দ্ৰত। চম্পক দেৱনাথে তিনি একৰ মাটি কিনে চন্দ্ৰত। উল্লেখ্য যে বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতেও চন্দ্ৰত মাটি কিনিছিল।

Post a Comment

0 Comments