লোক নির্মাণ (গৃহ) বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গক বহুৱাই লৈ কি নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে?

 


বুধবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জনতা ভৱনত ( (Janata Bhawan) লোক নির্মাণ (গৃহ) বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বিভিন্ন মূলধন আন্তঃগাঁথনি প্ৰকল্প সম্পর্কীয় এক দীঘলীয়া বিস্তৃত পৰ্যালোচনা বৈঠকত অংশগ্রহণ কৰে (CM review meeting with senior officials of the Public Works (Housing) Department)।

এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয় ৷ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত কেইটা হ'ল ক্ৰমে:
১) প্ৰকল্পসমূহৰ দক্ষ আৰু দ্ৰুত কাৰ্যকৰীকৰণ নিশ্চিত কৰাৰ বাবে বিভাগটোৰ ৩৭টা সংমণ্ডলক শক্তিশালী কৰা আৰু ইয়াৰ অংশ হিচাপে প্ৰতিটো সংমণ্ডলত ব্যক্তিগত আর্কিটেক্টক সুবিধা প্রদানেৰে নতুন আর্কিটেক্ট পদ সৃষ্টি কৰা ।
২) প্ৰতিটো সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক অতিৰিক্ত কার্যবাহী অভিযন্তা আৰু অতিৰিক্ত অভিযন্তাৰ সহায়ত গাঁঠনিগত ডিজাইন অনুমোদনৰ ক্ষমতা প্ৰদান কৰা হ'ব । এই উদ্দেশ্যত লোক নির্মাণ (গৃহ আৰু ৰাষ্ট্রীয় ঘাইপথ) আয়ুক্তই অভিযন্তাসকলৰ বাবে এক ৰিফ্ৰেচাৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব ।
৩) অতি প্ৰত্যাহ্বানজনক গাঁথনিগত ডিজাইনৰ ক্ষেত্রত প্ৰতিষ্ঠিত প্ৰতিষ্ঠান আৰু ব্যক্তিসকলৰ বিশেষজ্ঞ সেৱাসমূহো গ্রহণ কৰা হ’ব ।
৪) প্ৰকল্পৰ সময়মতে সম্পূর্ণকৰণ নিশ্চিত কৰাৰ বাবে পৰ্যবেক্ষণ কৰাটো মুখ্য অভিযন্তা আৰু অধীক্ষক অভিযন্তাসকলৰ ভূমিকা হ'ব ।
৫) সকলো সংমণ্ডল আৰু উপ-সংমণ্ডল কাৰ্যক্ষমতা বৃদ্ধিৰ হেতু দ্ৰুত পদোন্নতি আৰু নিযুক্তি কৰা হ'ব ।
৬) ৫০ কোটি টকাৰ ওপৰৰ সকলো প্ৰকল্প পি এম চিৰ জৰিয়তে সম্পাদন কৰা হ'ব ।
বুধবাৰৰ বৈঠকত মুখ্যমন্ত্রীয়ে অভিযান্ত্ৰিক মহাবিদ্যালয়, সমন্বিত উপায়ুক্ত কাৰ্যালয়, চৰকাৰী মহাবিদ্যালয়, আদর্শ মহিলা মহাবিদ্যালয়, নতুন বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, অসম ভৱন আৰু অসম গৃহ, জনতা ভৱনত মুখ্যমন্ত্রী ব্লক, বিধানসভা ভৱন আৰু একত্ৰিত সঞ্চালকালয়ৰ নিৰ্মাণৰ অগ্ৰগতিৰ সম্পর্কেও বুজ লয় । লগতে চাহ বাগিচাত নিৰ্মাণ কৰা ৮৪খন আদর্শ হাইস্কুল এপ্ৰিলৰ মাজভাগত উদ্বোধন কৰা হ'ব বুলিও ঘোষণা কৰে ।

Post a Comment

0 Comments