হিজাব বিতৰ্কত নতুন জুই কৰ্ণাটকৰ মন্ত্ৰীৰ, "লালকিল্লাত ত্ৰিৰংগাৰ ঠাইত গেৰুৱা পতাকা উৰিব" বুলি মন্তব্য

 


হিজাব বিতৰ্ক (Hijab Row)ই দিনে দিনে নতুন মোৰ ল'ব ধৰিছে। এইবাৰ এই বিতৰ্কত জুই দি আন এক বিতৰ্কিত মন্তব্য কৰিলে কৰ্ণাটকৰ এজন মন্ত্ৰীয়ে। কৰ্ণাটকৰ মন্ত্ৰী কে এছ ইশ্বৰাপ্পা (KS Eshwarappa)ই কয় যে এদিন নহয় এদিন লালকিল্লাত ত্ৰিৰংগা (Tricolour)ৰ ঠাইত গেৰুৱা পতাকা উৰিব। মন্ত্ৰীজনৰ এই মন্তব্যৰ পিছতে হিজাব বিতৰ্কই অন্য মাত্ৰা লাভ কৰিছে।

কৰ্ণাটকৰ শিৱমোগাত ভাৰতীয় জাতীয় পতাকাৰ সলনি গেৰুৱা পতাকা উৰোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৰ্ণাটকৰ মন্ত্ৰী কে এছ ইশ্বৰাপ্পাই কয়, "ভাৰতত হিন্দু ধৰ্ম প্ৰতিষ্ঠা হ'লে লালকিল্লাত এদিন গেৰুৱা পতাকা উত্তোলন কৰা হ'ব। তেওঁলোকে (কংগ্ৰেছে) মিছা কৈছে যে ত্ৰিৰংগাৰ ঠাইত গেৰুৱা পতাকা উৰোৱা হৈছিল। কিন্তু এই দেশত হিন্দু ধৰ্ম প্ৰতিষ্ঠা হ'লে আমি আজি বা কাইলৈ গেৰুৱা পতাকা উত্তোলন কৰিম। কিন্তু এতিয়া ত্ৰিৰংগাই আমাৰ ৰাষ্ট্ৰীয় পতাকা।"

উল্লেখ্য যে মঙলবাৰে হিজাব বিতৰ্কই উত্তেজনাপূৰ্ণ পৰিবেশৰ সৃষ্টি কৰাৰ সময়তে শিৱমোগাৰ এক শিক্ষানুষ্ঠানত ত্ৰিৰংগা পতাকা আঁতৰাই কোনো ছাত্ৰই গেৰুৱা পতাকা উৰোৱা ভিডিঅ' এটা ভাইৰেল হৈছিল।

Post a Comment

0 Comments