ৰাজ্যত সকলোধৰণৰ কোৰোণা নিষেধাজ্ঞা প্ৰত্যাহাৰ, মঙলবাৰৰ পৰা বিদ্যালয়ত হ'ব ফুল ক্লাছ, আৰম্ভ হ'ব স্বাভাৱিক জীৱন

 


মঙলবাৰৰ পৰা ৰাজ্যত নাথাকে কোনোধৰণৰ কোভিড নিষেধাজ্ঞা।
আজি এক নিৰ্দেশনা যোগে ৰাজ্য চৰকাৰে ঘোষণা কৰিলে এই কথা।
মঙলবাৰে পুৱা ৬ বজাৰ পৰা সকলো কোভিড নিষেধাজ্ঞা প্ৰত্যাহাৰ।
নৈশ সান্ধ্য আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিলে চৰকাৰে।
এতিয়া সকলোৱে প্ৰাক ক’ভিড কালৰ দৰেই বিনা বাধাই দৈনন্দিন জীৱন উপভোগ কৰিব পাৰিব।
অৱশ্যে কোভিড াচৰণ বিধি মানি চলাটো হ'ব বাধ্যতামূলক।
ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
ৰাজহুৱা স্থানত যাবলৈ কোভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক।

বিমান বন্দৰ, ৰে’ল ষ্টেচন, হাস্পতাল আদিত থকা কোভিড পৰীক্ষাৰ সকলো নিয়ম প্ৰত্যাহাৰ কৰা হৈছে।
এতিয়া সকলোধৰণৰ সামাজিক, ধৰ্মীয়, ৰাজনৈতিক কাম কাজ বিনা বাধাই কৰিব পাৰিব।
বিবাহ, মৃতকৰ সতকাৰ আদি কাৰ্যতো কোনো বাধা নিষেধ নাথাকিব।
বজাৰ-সমাৰ, ছবিগৃহকে ধৰি শ্বপিং মল আদি সম্পূৰ্ণ খোলা থাকিব।
ৰাজ্যৰ বিদ্যালয়- মহাবিদ্যালয়-বিশ্ববিদ্যালয় সমূহো প্ৰাক কোভিড কালৰ দৰেই স্বাভাৱিক ৰূপত আৰম্ভ হ’ব।

Post a Comment

0 Comments