মামাৰ ঘৰত নিশাৰ আহাৰত কি কি খালে ভাগিনসকলে, মুখ্যমন্ত্ৰী মামাই আৰু দিলে কি প্ৰতিশ্ৰুতি


 নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি মাজুলিৰ ৪৭ গৰাকী কিশোৰ বৈষ্ণৱক নিজৰ ঘৰত এসাজ ভাত খুৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। মাম-ভাগিন (Mama-Bhagin)ৰ সম্পৰ্কক অধিক গাঢ় কৰি ভকত ভাগিনসকলৰ সৈতে একেলগে বহি ভোজন কৰিলে মুখ্যমন্ত্ৰীয়ে।

সৰিয়হ দিয়া পাভ মাছৰ জোল, আৰি মাছৰ টেঙা ,ফুলকবিৰ তৰকাৰী লগত ভকুৱা মাছ, সৰু আলু ভাজি, আলু পিটিকা, বেঙেনা ফ্ৰাই, দাইল, কলপাতত দিয়া আৰি মাছ আৰু চালাদেৰ লগতে মিঠাইৰে ভাগিনক আপ্যায়ন কৰিলে মামাৰ ঘৰত।

এই নৈশভোজৰ সময়ত মাজুলীৰ পৰা অহা ভাগিনসকলে বিভিন্ন অনুষ্ঠানো পৰিবেশন কৰে। ভাগিনসকলৰ সৈতে এক আনন্দপূৰ্ণ সময় কটাই আহ্লাদিত হোৱা বুলি জনায় মুখ্যমন্ত্ৰীয়ে।

Post a Comment

0 Comments