ভাগিনহঁতক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে মামাই, মাজুলীৰ ৪৭ গৰাকী ভাগিনক মাতি আনি এসাঁজ খুৱালে হিমন্ত বিশ্ব শৰ্মাই, এইবাৰ ভাগিনহঁতে ক’লে আন এক ইচ্ছাৰ কথা

 


নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি মাজুলীৰ ৪৭ গৰাকী কিশোৰ বৈষ্ণৱক মাতি আনি নিজৰ ঘৰত এসাঁজ ভাত খুৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)। মামা-ভাগিন (Mama-Bhagin)ৰ সম্পৰ্কক অধিক গাঢ় কৰি ভকত ভাগিনসকলৰ সৈতে একেলগে বহি নিশাৰ ভোজন কৰিলে মুখ্যমন্ত্ৰীয়ে। মাজুলীলৈ যাওঁতে ভাগিনহঁতক এসাঁজ খুওৱাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি মাজুলীৰ এইসকল ভকত ভাগিনক এসাঁজ উদৰ পূৰাই খুৱালে মামাই।

সৰিয়হ দিয়া পাভ মাছৰ জোল, আৰি মাছৰ টেঙা ,ফুলকবিৰ তৰকাৰীৰ লগত ভকুৱা মাছ, সৰু আলু ভাজি, আলু পিটিকা, বেঙেনা ফ্ৰাই, দাইল, কলপাতত দিয়া আৰি মাছ, চালাদৰ লগতে মিঠাইৰে ভাগিনসকলক আপ্যায়ন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

নৈশভোজৰ সময়ত মাজুলীৰ পৰা অহা ভাগিনসকলে বিভিন্ন অনুষ্ঠানো পৰিৱেশন কৰে। ভাগিনসকলৰ সৈতে এক আনন্দপূৰ্ণ সময় কটাই আহ্লাদিত হোৱা বুলি জনায় মুখ্যমন্ত্ৰীয়ে।

নিশাৰ ভোজনৰ পিছত মুখ্যমন্ত্ৰীয়ে ভাগিনহঁতক বাছত উঠাই দিয়ে। লগতে প্ৰতিশ্ৰুতি দিলে এইবাৰ গুৱাহাটীলৈ আহিলে মামাৰ ঘৰত ৰখাৰ। গুৱাহাটীত একেলগে এসাঁজ খোৱাৰ পিছত এইবাৰ ভাগিনহঁতৰ ইচ্ছা উৰাজাহাজত উঠা। মামাৰ আগত ভাগিনহঁতে প্ৰকাশ কৰিলে এই ইচ্ছা।

Post a Comment

0 Comments