ৰাজ্যৰ ৩৬৪ জন লোকৰ পৰা প্ৰত্যাহাৰ কৰা হ'ল PSO, হীৰেন নাথৰ ঘোষণা


 ৰাজ্যৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ই PSO সংস্কৃতি ত্যাগ কৰিবলৈ আহ্বান জনোৱাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগিছিল ৷ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্য প্ৰায় ৫০জন প্ৰাক্তন মন্ত্ৰী, সাংসদ, ব্যৱসায়ী তথা ৰাজনৈতিক নেতাই দেহৰক্ষী ত্যাগ কৰিলেও বহুজনে লগত ৰাখিছিল PSO ৷ এতিয়া এই লোকসকলৰো দেহৰক্ষী আতৰোৱা হৈছে।

শেহতীয়াকৈ State Security Review Committeeৰ ৰিপ'ৰ্টত ৰাজ্যৰ ৩৬৪জন ৰাজনৈতিক নেতা, পালিনেতা, প্ৰাক্তন মন্ত্ৰী-সাংসদ, প্ৰাক্তন বিধায়ক, চেয়াৰমেন আৰু ব্যৱসায়ীৰ জীৱনৰ প্ৰতি ভাবুকি নথকাৰ তথ্য লাভ কৰিছিল ৷ অসমৰ বৰ্তমানৰ আইন শৃংখলাজনিত পৰিবেশ উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ৭২৬জন PSO প্ৰত্যাহাৰ কৰাৰ কথা বৃহস্পতিবাৰে ঘোষণা কৰিলে অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালকপ্ৰধান হীৰেন নাথে ৷

অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান হীৰেন নাথৰ মতে এতিয়াৰে পৰা টকা দিলেও যিকোনো লোকে লাভ কৰিব নোৱাৰিব দেহৰক্ষী ৷ মুখ্যমন্ত্ৰীৰ ক্ষেএত গাড়ী কমোৱা হৈছে যদিও নিৰাপত্তাৰ ক্ষেএত কোনো ৰিস্ক লোৱা নাই বুলি মন্তব্য কৰিলে অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালকপ্ৰধান হীৰেন নাথে ৷

Post a Comment

0 Comments