শিলাবৃষ্টিয়ে শুকুলা দলিচা পাৰিলে মহানগৰীত ! চাওক মহানগৰীৰ ভিন্ন প্ৰান্তৰ নান্দনিক দৃশ্য

 


হঠাতে অহা এজাক শিলাবৃষ্টিয়ে মহানগৰীত যেন পাৰি থৈ গ'ল শুকুলা দলিচা। কোনোবাই যদি খেলিছে, কোনোবাই বৰষুণৰ মাজতে তুলিছে ছেলফি। ইফালে সৰস্বতী পূজাৰ আনন্দ আনফালে মায়াময় বতৰৰ লুকা-ভাকুৰ সংমিশ্ৰণ হ'ল গুৱাহাটীত।আজি দিনৰ ভাগত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণ অহাৰ লগতে প্ৰচণ্ড শিলাবৃষ্টি হয়।মহানগৰীত এটা এপাৰ্টমেণ্টত শিলাবৃষ্টিৰ পিছত এই দৃশ্য।এই দৃশ্য মহানগৰীৰ এটা পথৰ। শিলাবৃষ্টিৰ পিছত এনেদৰে পথত সৃষ্টি হৈছে এক শুকুলা আৱৰণৰ।শিলাবৃষ্টিৰ মাজতে মহানাগৰিকৰ উছাহ। শিল বৰষুণৰ পিছত এনেদৰে খেলিবলৈ ওলাই আহিছে কেইবাজনো লোক।মহানগৰবাসীয়ে এনেদৰে বহুদিনৰ পিছত শিলাবৃষ্টিৰ মাজত পাৰ কৰিলে এটা দিন।

Post a Comment

0 Comments