বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে লতাশিল থানাত এজাহাৰ, স্বল্পবসনা নাৰী আৰু যৌন উত্তেজক ড্ৰেছক লৈ দিছিল মন্তব্য

 


বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে লতাশিল থানাত এজাহাৰ, স্বল্পবসনা নাৰী আৰু যৌন উত্তেজক ড্ৰেছক লৈ দিছিল মন্তব্য

শ্বেৰমান আলীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী

পুনৰ বিপদত বিধায়ক শ্বেৰমান আলী ! বিতৰ্কিত কংগ্ৰেছ নেতা শ্বেৰমান আলীৰ বিৰুদ্ধে  লতাশিল থানাত দাখিল কৰা হৈছে এজাহাৰ। 

স্বল্পবসনা নাৰী আৰু যৌন উত্তেজক ড্ৰেছ পিন্ধাৰ বাবে ধৰ্ষণ বৃদ্ধি হয় বুলি মন্তব্য কৰাৰ পিছতেই শ্বেৰমান আলীৰ (MLA Sherman Ali) বিৰুদ্ধে লতাশিল থানাত দাখিল কৰা হয় এজাহাৰ।

লতাশিল থানাত এজাহাৰ দাখিল কৰিলে নিৰ্যাতনবিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদিকা তথা নাৰী শক্তিৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰা সুমিত্ৰা হাজৰিকাই (FIR was lodged against Sherman Ali )।

এজাহাৰ দাখিল কৰি নাৰী শক্তিক অপমান কৰাৰ অভিযোগত শ্বেৰমান আলীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায় সুমিত্ৰা হাজৰিকাই।

Post a Comment

0 Comments