দৰা-কইনাৰ সাজত ফাৰহান-শিৱানীৰ গৰ্জিয়াছ লুক, পিতৃ জাভেদ আখতাৰে পাঠ কৰিলে কবিতা


 বলীউডৰ অভিনেতা ফাৰহান আখতাৰে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা শিবানী দাণ্ডেকাৰৰ (Farhan Akhtar-Shibani Dandekar) সৈতে আজি খাণ্ডালাৰ এখন ফাৰ্ম হাউছত অনুষ্ঠিত হয় বিবাহ অনুষ্ঠান।

বিবাহ অনুষ্ঠানত প্ৰেমৰ ৰঙেৰে নিজকে সজোৱা শিৱানীয়ে ৰেড গাউন পিন্ধিছিল। তেওঁৰ কইনাৰ সাজৰ ডিজাইন আছিল মণিকা আৰু কৰীশ্মাৰ JADEৰ। ৰঙা ঘুনঘট পিন্ধা শিৱানীৰ কাণফুলিযোৰ ডিজাইন কৰিছিল গোৱেংকা ইণ্ডিয়াই (Goenka India)। ৰুবীৰ ২১৮ কেৰটৰ (218 carats of rubies) কাণফুলিত ৫৫০ কটা বগা আৰু গুলপীয়া হীৰাৰে নিৰ্মিত আছিল, ইয়াক সজোৱা হৈছে ১৮ কেৰেটৰ সোণেৰে। তেওঁ পিন্ধিছিল ৮০ হাজাৰ টকীয়া ৰেড হিল্ছ, ইয়াৰে ফটো ইনষ্টাগ্ৰাম পোষ্টত শ্বেয়াৰ কৰি লিখে ''চলো য়ে কৰতে হে''।

নিজৰ সুন্দৰী পত্নীৰ সৈতে অভিনেতা ফাৰহান আখতাৰেও ক'লা ৰঙৰ টক্সিডো পৰিধান কৰি দৰাৰ সাজত সজোৱাৰ লগতে পিন্ধিছিল এযোৰ কুল ছানগ্লাছ।

Post a Comment

0 Comments