বকোত বিলাসী বাহনত ওলাল বৃহৎ পৰিমাণৰ জালনোট, দুই সৰবৰাহকাৰীক আটক

 


বকোৰ ৰাজাপাৰাত বৃহৎ পৰিমাণৰ জাল নোট জব্দ। তিনি কোটিৰ অধিক জাল নোট জব্দ কৰে আৰক্ষীয়ে। আটক দুজন জালনোট সৰবৰাহী। ধৃত সৰবৰাহকাৰী দুটাৰ নাম ছাহিদুল ইছলাম আৰু নবিউল ইছলাম। দুয়োজনৰ ঘৰ গোৱালপাৰৰ কৃষ্ণাইৰ।

গোপন খবৰৰ ভিত্তিত বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰেশ্বৰ পেগুৰ নেতৃত্বত এটা দলে ৰাজাপাৰাত এম্বুচ পাতে। বকো আৰক্ষীয়ে তালাচীৰ সময়ত নীলা ছুইফ্ট ডিজায়াৰ এখনৰ পৰা উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ জাল নোটখিনি।

Post a Comment

0 Comments