ৰাজনৈতিক সাহিত্য তথা গান-কবিতাৰে চৰকাৰক সমালোচনা কৰাৰ প্ৰক্ৰিয়া বাহাল ৰাখিব ভূপেন বৰাই


 ৰাজনৈতিক সাহিত্য তথা গান-কবিতাৰে চৰকাৰক সমালোচনা কৰাৰ প্ৰক্ৰিয়া বাহাল ৰাখিব হেনো ভূপেন বৰাই ৷ শাসকীয় পক্ষই সমালোচনা কৰিলেও চলাই যাব গান-কবিতাৰে চৰকাৰক সমালোচনা কৰা কাৰ্য ৷ এই কথা দেওবাৰে ৰাজীৱ ভৱনত (Rajiv Bhawan) স্পষ্ট কৰিলে ভূপেন বৰাই ৷

পিছে চৰকাৰক সমালোচনা কৰিবলৈ গান-কবিতাৰ আশ্ৰয় কিয় লৈছে ভূপেন বৰাই (music and poetry to criticize the government)?

ইয়াৰ উত্তৰ দি ভূপেন বৰাই ক'লে- “একাংশ সংবাদ মাধ্যমে প্ৰচাৰ নকৰে চৰকাৰক সমালোচনা কৰাৰ বাতৰি ৷ সংবাদ মাধ্যমে যিহেতু চৰকাৰক সমালোচনা কৰিলে বাতৰি প্ৰচাৰ নকৰে, সেয়ে গান-কবিতা লিখি সমালোচনা কৰিছোঁ চৰকাৰক ৷ তাতে কোনোবাই বেয়া পালেও উপায় নাই ৷ মোৰ গান-কবিতাই চৰকাৰৰ গা জ্বলাইছে ৷ সেয়ে শাসক পক্ষই বেয়া পাইছে ৷ মোকতো কোনো সাহিত্য সভাৰ সভাপতিয়ে গান-কবিতা লিখাটো বেয়া হৈছে বুলি কোৱা নাই ৷”

সাহিত্য চৰ্চা চলি যাব ভূপেন বৰাৰ ৷ আনকি ৰাজীৱ ভৱনতো ৱাল মেগাজিনৰ ব্যৱস্থা কৰাৰ কথা সদৰী কৰিলে বৰাই ৷

ভূপেন বৰাৰ (Bhupen Bora) এই ৰাজনৈতিক সাহিত্য সন্দৰ্ভত ক্ৰীড়া, সাংস্কৃতিক পৰিক্ৰমা, শক্তি মন্ত্ৰী বিমল বৰাই দেওবাৰে কটাক্ষ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক ৷  বিমল বৰাই ক'লে- “ভূপেন বৰাৰ গান-কবিতাই মানসিক খোৰাক জগাই ৷ বৰাই সাহিত্য চৰ্চা চলাই নিয়ক ৷”

Post a Comment

0 Comments