''বিহু''ক পাঠ্যক্ৰমৰ পৰা আঁতৰোৱাৰ বিষয়ক লৈ ৰাজ্যজুৰি হৈছে প্ৰতিক্ৰিয়া, এই বিষয়ত কি কয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?


 বিহু' বিষয়টোক পাঠ্যক্ৰমৰ পৰা শিক্ষা সংসদে কৰ্তন কৰিবলৈ লোৱাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি শিৱসাগৰ আৱৰ্ত ভৱনত এই সন্দৰ্ভত মুখ খুলিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । 

বিহু বিষয়টো এতিয়ালৈকে বাদ দিয়া হোৱা নাই বা এই বিষয়ে কোনো নিৰ্দেশনা ওলোৱা নাই বুলি সদৰী কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে (Education Minister Ranoj Pegu) 

তেওঁ কয় " বিহু বিষয়টোক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত (Assam Higher Secondary Education Council) আলোচনাহে  হৈছে। কাৰণ বিহু বিষয়টো ঐচ্ছিক বিষয় হিচাপে লোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ আগ্ৰহ দেখা নাই। সেয়ে এই বিষয়টো ন-ৰূপত সজাব পাৰি নেকি তাক লৈ এটা প্ৰস্তাৱ অসম চৰকাৰলৈ (Assam Government ) প্ৰেৰণহে কৰিছে,  এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই।''

ইয়াৰ উপৰি ''যি সিদ্ধান্তৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক আমাৰ  জাতি,  সংস্কৃতি, বুৰঞ্জী, ভূগোলৰ সম্যক জ্ঞান দিব পৰা হ'ব তেনে সিদ্ধান্ত অচিৰেই লোৱা হ'ব'' বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু কয়-  "একাদশ- দ্বাদশ শ্ৰেণীৰ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে চতুৰ্থ বিষয় হিচাপে ৮৪ টা বিষয়ৰ পৰা এটা বাছনি কৰি  ল'ব পাৰে । তাৰ ভিতৰতে আছে বিহু বিষয়টো ( Bihu as an elective subject)। বুৰঞ্জী আৰু ভূগোল বিষয়টো অন্তৰ্ভুক্ত কৰিব পাৰি নেকি সেয়াও চৰ্চা হৈ আছে। খুউব সোনকালে সিদ্ধান্ত লোৱা হ'ব। বিহু অন্তৰ্ভুক্ত হোৱাৰ লগে লগে বড়ো সংস্কৃতি ''ঐনিতম'' এটা বিষয় হ'ব লাগে বুলিও দাবী আহি আছে। কিন্তু দ্বাদশ শ্ৰেণীৰ পিছত কলেজত ছাত্ৰ-ছাত্ৰীসকলে সেই ধাৰাবাহিকতা কেনেকৈ ৰক্ষা কৰিব, বিহু বুলিটো কলেজ পৰ্যায়ত বিষয় নাই। কিন্তু পৰিৱেশ্য কলা হিচাপে যদি আমি একাদশ শ্ৰেণীৰ পৰাই এই বিষয় বিলাক সজাই নিওঁ তেতিয়া সুবিধা হ'ব। কাৰণ পৰিৱেশ্য কলা বা performing arts ৰ স্নাতক, স্নাতকোত্তৰ ডিগ্ৰীলৈকে পঢ়াৰ ব্যৱস্থা আছে। অথবা অসমৰ লোক কলা সংস্কৃতি বুলি বিষয় এটা কৰিব পাৰি নেকি সেই বিষয়ে চৰ্চা কৰা হৈছে। কিন্তু চূড়ান্ত সিদ্ধান্ত একো হোৱা নাই।"

Post a Comment

0 Comments