ডবকাত কোটি টকাৰ ড্ৰাগছসহ তিনি মণিপুৰি যুৱকক গ্ৰেপ্তাৰ, নৈশ বাছো জব্দ


 হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত হালধীআটীত আজি আৰক্ষীয়ে অভিযান চলাই ২০ হাজাৰ 'য়াবা' নামৰ নিচাজাতীয় টেবলেট জব্দ কৰে ৷ এই ঘটনাৰ লগত জড়িত তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ডবকা আৰক্ষীয়ে ৷ তথ্য অনুসৰি দেওবাৰে মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে কোনো লোকে নিচাজাতীয় ঔষধ সৰবৰাহ কৰা তথ্য লাভ কৰিছিল হোজাইৰ আৰক্ষী অধীক্ষকে ৷ তথ্য লাভ কৰিয়েই হোজাইৰ  আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই হোজাই জিলা আৰক্ষী প্ৰশাসনৰ শিৰ্ষ বিষয়াৰ লগতে ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ এদল আৰক্ষী লৈ হালধীআটীৰ আকাশীগংগা আৰক্ষী পহৰা চকীৰ সন্মুখত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী আৰম্ভ কৰে ৷

আৰক্ষীৰ তালাচীৰ সময়ত মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AR-20-6300 নম্বৰৰ নৈশ বাছখনত যাত্ৰী হিচাপে অহা এম জীনৱ মৈথি আৰু আলিম উদ্দিন নামৰ দুজন ব্যক্তিৰ কবলৰ পৰা ১০০ পেকেট 'য়াবা' নামৰ নিচাজাতীয় টেবলেট জব্দ কৰে ৷ প্ৰতিটো পেকেটতত ২০০টাকৈ অৰ্থাত ২০ হেজাৰটা টেবলেট জব্দ কৰে আৰক্ষীয়ে ৷ জব্দ কৰা টেবলেটখিনিৰ অনুমানিক বজাৰ মূল্য এক কোটি টকা হ'ব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিছে ৷ লগে লগে সৰবৰাহকাৰী দুয়োটাকে  আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰে।

Post a Comment

0 Comments