বিগত ছয় বছৰে সংসদত শুই থাকি এতিয়া কাৰ্যকালৰ শেষত সাৰ পাই পুনৰ সাংসদ হোৱাৰ সপোন দেখিছে ৰিপুণ বৰাই : নোমল মমিন

 


বৃহস্পতিবাৰে সদনৰ মজিয়াত মোদী চৰকাৰক তথ্যৰে থকাসৰকা কৰে ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাই। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰকীৰ মন্তব্যৰ পিছতেই তেওঁক উভতি ধৰে বিজেপিৰ বহু মন্ত্ৰী–বিধায়কে। অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনেও সাংসদ ৰিপুণ বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ডাঃ নোমল মমিনৰ মতে, বিগত ছয় বছৰে সংসদত শুই থাকি এতিয়া কাৰ্যকালৰ শেষৰ দিনত সাৰ পাই পুনৰ সাংসদ হোৱাৰ সপোন দেখিছে ৰিপুণ বৰাই। নুমাবলৈ ওলোৱা চাকি অলপ বেছিকৈ জ্বলে বুলি কোৱা নোমল মমিনে কংগ্ৰেছ চৰকাৰেহে সমগ্ৰ দেশত উদ্যোগসমূহ ধ্বংস হ’ল বুলি কয়।

নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত অসমৰ উদ্যোগ, পাৰ্ক, এইমছৰ লগতে আৰু বহু অভিলাসী আঁচনি কাৰ্যকৰী হৈছে বুলি কয় অসম বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে। বিজেপি চৰকাৰৰ দিনত অসমলৈ স্থায়ী শান্তি ঘূৰি আহিছে বুলি মন্তব্য আগবঢ়ালে নোমল মমিনে। বিগত ছয় বছৰত ৰিপুণ বৰাই ছয়টা বছৰ অসমৰ বাবে অন্যায় কৰিছে আৰু এতিয়া মাত মাতি পুনৰ টিকট লাভৰ চেষ্টা চলাইছে, টিকট পালেও নিজিকে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে বোকাজান সমষ্টিৰ বিজেপি বিধায়কগৰাকীয়ে। ৰিপুণ বৰাৰ ৰাজনীতিৰ যৱনিকা পৰিল বুলিও কয় জনগোষ্ঠীয় নেতা ডাঃ নোমল মমিনে।

Post a Comment

0 Comments