অসম–মিজোৰাম সীমান্তত আকৌ উত্তেজনা, দুই ৰাজ্যৰ নাগৰিকক মিলা-প্ৰীতিৰে থকাৰ আহ্বান ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ

 


এতিয়াও অসম–মিজোৰাম আন্তঃৰাজ্য সীমান্তত মাৰ যোৱা নাই উত্তেজনা। প্ৰতিনিয়ত মিজোৰাম সীমান্তৱৰ্তী বিভিন্ন স্থানত সৃষ্টি হৈছে উত্তেজনাৰ। মিজোৰামত শিলচৰৰ এগৰাকী হেণ্ডিমেনৰ মৃত্যুক লৈ উত্তাল পৰিস্থিতি চলি থকা অৱস্থাতে হাইলাকান্দি জিলাৰ অসম–মিজোৰাম সীমান্তত পুনৰ ভূমি বেদখলৰ চেষ্টা চলাইছে মিজো দুৰ্বৃত্তই। হাইলাকান্দি জিলাৰ অসম–মিজোৰাম সীমান্ত এলেকাৰ ঘুটগুটি এলেকাত পুনৰ জুম খেতি কৰাৰ বাবে মিজোৰামে অসমৰ হাবি–জংঘল ধ্বংস কৰাৰ তথ্য পোহৰলৈ আহিছে। পিছত অসম আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ড্ৰোণৰ সহায়ত সীমান্ত এলেকাৰ দুৰ্গম স্থান সমূহৰ বুজ লয় হাইলাকান্দি আৰক্ষীয়ে।

ইপিনে, বৃহস্পতিবাৰে নিশা জিলাখনৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ ল’বলৈ হাইলাকান্দিত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত। হাইলাকান্দিত উপস্থিত হৈ আৰক্ষী বিষয়াসকলৰ সৈতে এক সভাত মিলিত হয় তেওঁ।

৫ ঘণ্টা ধৰি চলা এই সভাৰ অন্তত সীমান্ত সমস্যাক লৈ সংবাদ মাধ্যমৰ আগত ভাস্কৰজ্যোতি মহন্তই কয়, মুখ্যমন্ত্ৰী এই সমস্যাক লৈ যথেষ্ট সচেষ্ট। ৰাজ্য চৰকাৰে আৰু আৰক্ষীয়ে মিজোৰামক লৈ আইনগত পদক্ষেপ গ্ৰহণ কৰি আছে। ইতিমধ্যে এন আই এ পৰ্যায়ত এই সন্দৰ্ভত তদন্ত চলিছে। অতি শীঘ্ৰে ইয়াৰ এক স্থায়ী সমাধান ওলাই আহিব বুলিও মন্তব্য কৰে তেওঁ। লগতে এই সমস্যা সমাধানৰ বাবে দুই ৰাজ্যৰ সীমান্তৱৰ্তী নাগৰিকে মিলাপ্ৰীতিৰে থাকি এক সমাধান উলিয়াব লাগিব বুলিও মন্তব্য আগবঢ়ায় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

Post a Comment

0 Comments